![]()
লংকাৰ পূৱ উদালীৰ ৰামসিং গাৱত সন্ধানহীন এগৰাকী ১০ বছৰীয়া নাবালিকা কিশোৰী । সন্ধানহীন হোৱা কিশোৰী গৰাকীৰ নাম ৰুজিনা আখটাৰ। পূৱা ৬মান বজাত নিজ ঘৰৰ পৰা নিজ গাৱৰেই মজজিদলৈ যায় যদিও ৮-৯ মান বজাত ঘৰলৈ ঘুৰি অহা পথত সন্ধানহীন হয় কিশোৰী গৰাকী।

ঘৰৰ আত্মীয়ই কিশোৰী গৰাকীক ঘৰৰ লগতে পৰিয়াল, আত্মীয় সকলোতে বিচাৰ-খুচাৰ কৰে যদিও ক’তো কিশোৰীগৰাকীৰ সন্ধান ওলিয়াৱ নোৱাৰি শেষত নিশা কাষ চাপে উদালী আৰক্ষী ওচৰত।
ইতিমধ্যে সন্ধানহীন সন্দৰ্ভত এজেহাৰ দাখিল কৰিছে আত্মীয়ই। কোনো সদাসয় ব্যক্তিগৰাকীয়ে উক্ত কিশোৰী গৰাকীৰ সম্ভেদ পালে স্হানীয় আৰক্ষী নাইবা ৮১৩৭৮২১৬৬৪ নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ সমন্ধীয়ৰ।













