![]()
সুদীর্ঘ বিৰতিৰ অন্তত পুনৰ কেন্দ্রৰ সৈতে নগা সশস্ত্ৰ সংগঠন এনএছচিএন (আইএম)ৰ শান্তি আলোচনা আৰম্ভ হ’ল। কেন্দ্রীয় চৰকাৰৰ মধ্যস্থতাকাৰী এ কে মিশ্রই এনএছচিএনৰ মুখ্য কাৰ্যালয় হেব্রনত সংগঠনটোৰ সাধাৰণ সম্পাদক তথা প্রতিষ্ঠাতা থুইংলেং মুইভা, অধ্যক্ষ কিউ টুকু, উপাধ্যক্ষ টি ৱাংনাও আৰু অন্য শীর্ষ বিষয়াসকলৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়।
উল্লেখ্য, এই প্রথমবাৰ দিল্লীৰ বাহিৰত কেন্দ্রীয় মধ্যস্থতাকাৰী শান্তি আলোচনাত মিলিত হ’ল। অৱশ্যে এনএছচিনে জনাইছে, এয়া আছিল সৌজন্যমূলক বৈঠকহে।
তেওঁলোকৰ সৈতে পৰৱৰ্তী বৈঠক হ’ব শুক্র আৰু শনিবাৰে। ইয়াৰ উপৰি মিশ্রই এনএছচিএন খাপলাং গোটৰ সংঘর্ষ বিৰতিত থকা সভাপতি নিকি চুমি আৰু আন এজন শীর্ষ নেতা ষ্টাৰছন লামকাঙৰ সৈতে আলোচনাত বহিব চুমুকেডিমা আৰক্ষী কমপ্লেক্সত।
বৃহস্পতিবাৰে তেওঁ শান্তি আলোচনা চলোৱা বাকী নগা বিদ্ৰোহী সংগঠনবোৰৰ যৌথ মঞ্চ এনএনপিজিৰ সৈতে আলোচনা কৰিব।
উল্লেখ্য, ২০১৪ চনৰ পৰা মধ্যস্থতাকাৰী হৈ থকা আৰ এন ৰবিৰ দিনত ২০১৫ চনত এনএছচিএন-আইএম আৰু কেন্দ্রৰ মাজত খচৰা চুক্তি স্বাক্ষৰ হৈছিল।
কিন্তু ২০১৯ চনৰ ৩১ অক্টোবৰত শান্তি আলোচনা শেষ হ’লেও বৃহত্তৰ নাগালিমত পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবীত অটল থাকে আইএম গোট। এই সমসা সমাধানৰ বাবে ৰবিক পৰৱৰ্তী সময়ত নাগালেণ্ডৰ ৰাজ্যপাল কৰি পঠোৱা হয়।
কিন্তু দুই পক্ষৰ সম্পর্ক বিনষ্ট হ’বলৈ ধৰাত অৱশেষত ৰবিক নাগালেণ্দৰ পৰা আঁতৰোৱা হয়। নতুন মধ্যস্থতাকাৰী মিশ্রই শান্তি আলোচনা আৰম্ভ কৰাৰ মাজতেই বুধবাৰে কেন্দ্রীয় চৰকাৰে এনএছচিএনৰ এনকে, কে-খাংঘো আৰু ৰিফর্মেচন গোটৰ সৈতে যুদ্ধ বিৰতিৰ ম্যাদ আৰু এবছৰ বৃদ্ধি কৰে।













