![]()
বৰদৈচিলাৰ তাণ্ডৱে আকৌ এবাৰ অঘটন ঘটালে ঢকুৱাখানাত। ঢকুৱাখানা সদৰ থানাৰ অন্তৰ্গত গৰৈমাৰী কপহুৱা গাঁৱত হোৱা বজ্ৰপাতৰ ফলত এজনী কিশোৰীৰ কৰুণ মৃত্যৰ লগতে আন ৪ গৰাকী কিশোৰ- কিশোৰী আঘাতপ্ৰাপ্ত হয়।
জানিৱ বৰা মতে, গাঁওখনৰ ৫ গৰাকীকৈ কিশোৰ কিশোৰীয়ে বিয়লি গাঁওখনৰ সমীপৰ চাৰিকড়ীয়া নদীৰ পাৰত খেলি থকা অৱস্থাতে প্ৰৱল বৰষুণৰ লগতে ওচৰতে হোৱা বজ্ৰপাতৰ ফলত ৫ গৰাকী কিশোৰ কিশোৰী সংজ্ঞাহীন হৈ পৰে।
ঘটনাৰ পৰৱৰ্তী সময়তে সেই ঠাইৰ লোকে ৫ গৰাকী কিশোৰ-কিশোৰীকে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় ল ভৰ্তি কৰে যদিও চিকিৎসকে কন্যা বাৰবী দাস (৬)ৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। আনহাতে, এই চিকিৎসালয়খনতেই আহতপ্ৰাপ্ত ৪ গৰাকী কিশোৰ কিশোৰী কেইজন ক্ৰমে লখিমী হাজৰিকা(১২) , অবিনাশ দাস(১০) , চুইটি ভঁৰালী (১২) চিকিৎসাধীন হৈ আছে।
লগতে, ভৰত দাস(২০) গুৰুতৰভাৱে আহত হোৱাৰ ফলত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।













