![]()
গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানী জামিন মঞ্জুৰ।বৰপেটা আৰক্ষীৰ গোচৰত জামিন লাভ দলিত নেতা গৰাকী।উল্লেখ্য যে মহিলা আৰক্ষীক অভব্য আচৰণ কৰা গুৰুত্ব অভিযোগত বৰপেটা আৰক্ষীয়ে ২৫এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল মেৱানীক।

কোকৰাঝাৰ গোচৰত জামিন লাভ কৰা পাছতে মেৱানীক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।তাপৰ্যপূৰ্ণ কথা মেৱানীয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে টুইট কৰা বাবেই কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
আনহাতে দলিত নেতা গৰাকীক মুকলি কৰি দিয়া বাবে সমগ্র ৰাজ্যজুৰি দাবী উঠিছিল।বিজেপি চৰকাৰৰ এই ৰাজনৈতিক প্ৰতিশোধৰ বিৰুদ্ধে সৰৱ হৈছিল সচেতন সমাজ।কংগ্ৰেছে ধাৰাবাহিক ভাৱে আন্দোলনৰ গঢ়ি তুলিছিল।













