![]()
ৰাজ্যসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে বিজেপি বিধায়ক মানৱ ডেকা পৰা ১৫ লাখ টকা ধন লোৱা বুলি অভিযোগ দি বিপদত এ আই ইউ ডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা।
বিজেপি দল সমৰ্থিত প্ৰাৰ্থীক ৰাজ্যসভাত ভোট দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল বিধায়ক বৰভূঞাই।এটা ব্যক্তিগত টেলিভিছন এই আই ইউ দিএফৰ বিধায়ক গৰাকীয়ে শিৱসাগৰৰ বিধায়ক গগৈ বিৰুদ্ধে আনিছিল গুৰুত্বৰ অভিযোগ।
গুৰুত্বপূৰ্ণ কথা যে বিধায়ক বৰভূঞাই যদি প্ৰয়োজন হয় লাই ডিটেক্টৰ সন্মুখীন হবলৈ প্ৰত্যাহ্বান জনাইছিল অখিলক।ইফালে বৰভূঞা এই প্ৰত্যাহ্বান গ্রহণ কৰি লাই ডিটেক্টৰ সন্মুখীন হবলৈ প্ৰস্তুত হৈছিল অখিল।কিন্তু লাই ডিটেক্টৰ কৰিমুদ্দিনে যোগা কৰিবলৈ সক্ষম হোৱা নাছিল।
আনহাতে অখিলে এ আই ইউ ডি এফৰ বিধায়ক জনক প্ৰত্যাহ্বান জনাইছিল অভিযোগ প্ৰমাণ দিব নোৱাৰিলে আইনৰ কাষচপা।তাৰ ভিত্তিতে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ২৮১৭/২০২২নম্বৰত মানহানি গোচৰ ৰুজু কৰিছে বৰভূঞা বিৰুদ্ধে।গগৈয়ে বিধায়ক গৰাকী বিৰুদ্ধে ১০০কোটি টকা মানহানি গোচৰ ৰুজু কৰিছে আদালতত।লগতে ক্ৰিমিনেল ডিফৰ্মেচনৰো গোচৰ ৰুজু কৰিছে শিৱসাগৰ বিধায়ক গৰাকীয়ে।
শুকুৰবাৰে ৰাইজৰ দল মুখ্য কাৰ্যালয় এক সংবাদমেল সম্বোধন কৰি কয়-ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী এআইইউডিএফৰ বিধায়কৰ ভোটেৰে জয়ী হৈছিল।নিজৰ গাৰ কলংক দাগ আতৰাবলৈ এআইইউডিএফে বিজেপি সহযোগত মনে সজা, ভুৱা আৰু ষড়যন্ত্ৰমূলক অভিযোগ উত্থাপন কৰিছিল।আদালতৰ মজিয়াত এই কথা আৰু স্পষ্ট হব।













