![]()
আন এক দুৰ্নীতি বিৰোধী অভিযানত সফলকাম মহানগৰ আৰক্ষী। গোপন সূত্ৰৰ পম খেদি নিশা আজাৰা আৰক্ষীয়ে দীপৰ বিলৰ সমীপত অভিযান চলায়।কোনো লোকে নকল টকা বনোৱা মেচিন বিক্ৰী কৰাৰ খবৰ পাই বিশেষ বাহিনীৰ সৈতে মহানগৰীৰ আঠমাইলৰ গণেশ মন্দিৰৰ সমীপৰ পৰা আটক কৰে ৭ গৰাকী লোকক।
এই লোক কেইজনৰ লগতে আৰক্ষীয়ে জব্দ কৰে ২০০০ টকাৰ নকল নোট, নকল টকা বনোৱা মেচিন, কেইবাটাও মোবাইল ফোন, AS 12AD 6632 নম্বৰৰ এখন ছুইফ্ট আৰু AS 01DG 8669 নম্বৰৰ এখন ৰয়েল এনফিল্ড।
আটকাধীন লোককেইজন হৈছে ক্ৰমে তন্ময় দাস, নাজিৰ আহমেদ, জুৱেল খান ওৰফে চুৱেল খান, বিমল দাস, হাবিবুৰ ৰহমান, হিফজুৰ বাৰি আৰু আক্ৰামুল আলী। উক্ত আটাইকেইজন অভিযুক্তই লখিমপুৰ আৰু আৰু মহানগৰীৰ ভিন্ন প্ৰান্তৰ নিবাসী। আজাৰা আৰক্ষীয়ে এই আটাইকেইজন ব্যক্তিকেই আজি আদালতলৈ প্ৰেৰণ কৰে।












