ভাষ্য সলনি কৰা দুই সাক্ষীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু
ASSAM TIMES POST, নগাঁওঃ দেশ জোকাৰি যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাকাণ্ডৰ আন এজন সাক্ষী দীপেন ৰংপীকো ক্ৰছ একজামিনেছনৰ কৰাৰ অন্তত ভাষ্য সলনিৰ স্থিতিত অটল থকাৰ বাবে নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে তেওঁকো হোষ্টাইল ঘোষণা কৰে।
উল্লেখ্য যে অভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ সন্দৰ্ভত আদালতে এতিয়ালৈকে মুঠ ১৯ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰে। অভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ সন্দৰ্ভত আজি শুনানি আছিল। আজিৰ সাক্ষী গ্ৰহণ কালত আদালতত ভুক্তভোগী অভি-নীলৰ পিতৃ ক্ৰমে অজিত নাথ আৰু গোপাল চন্দ্ৰ দাস উপস্থিত আছিল।
আজিৰ শুনানি কালত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা কাৰ্যত গোচৰীয়া পক্ষৰ হৈ চৰকাৰী অধিবক্তা জে কামাৰ আৰু অভিযুক্ত পক্ষৰ হৈ অধিবক্তা মানস শৰনীয়া উপস্থিত থাকে। গোচৰটোৰ সন্দৰ্ভত আদালতে অহা ২৩ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।
তাৎপৰ্যপূৰ্ণ যে এই হত্যাকাণ্ডৰ গোচৰত শেহতীয়াকৈ ভাষ্য সলনি কৰা দুজনকৈ চাক্ষুষ সাক্ষী নোমল বসুমতাৰী আৰু উজ্জ্বল মেচক যোৱা ২৯ জুনত নগাঁও আদালতত ক্ৰছ একজামিনেছন কৰাৰ পিছত দুয়োকে নগাঁও আদালতে হোষ্টাইল ঘোষণা কৰিছিল।
ভাষ্য সলনি কৰা দুই সাক্ষী ক্ৰমে নোমল বসুমতাৰী আৰু উজ্জ্বল মেচৰ বিৰুদ্ধে নীলৰ পিতৃ গোপন চন্দ্ৰ দাসে নগাঁও আদালতত এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।













