![]()
ৰাজ্যত অহা বৰ্ষৰ পৰা নাথাকিব উচ্চতৰ মাধ্যমিক শাখা। ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৫৬ খন CBSEৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰাৰ লগতে ৭০খন এনে মডেল স্কুল মুকলি কৰাৰ পৰিকল্পনা কৰিছে।
জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেটন, ডন বস্ক’ আদিক একাদশ, দ্বাদশ শ্ৰেণী মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে। আনহাতে, আগন্তুক ২০২৩ চনলৈ একত্ৰিত হ’ব SEBA আৰু AHSEC আৰু ২০২৩ চনত শেষবাৰৰ বাবে HSLC পৰীক্ষা অনুষ্ঠিত হ’ব।
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য কৰাৰ দিশত এনেবোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই কথা জানিবলৈ দিছে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াই।













