![]()
বুধবাৰে আনুষ্ঠানিকভাবে ত্রিপুৰাত সংগঠন আৰম্ভ কৰিলে আম আদমি পাৰ্টীয়ে। দলৰ তৰফৰ পৰা আগৰতলা প্রেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে দলৰ উত্তৰ–পূর্বাঞ্চলৰ প্রভাৰী ৰাজেশ শর্মাই।
তেওঁ কয়, ৰাজ্যখনত আঠখন জিলাৰ বাবে আঠজন জিলা ইনচার্জ নিয়োগ কৰা হৈছে, তাৰ লগতে চাৰিজনৰ এখন বিশেষ কমিটি গঠন কৰা হৈছে।
যিসকলে সকলোকেইখন জিলাত সংগঠন বিস্তাৰৰ কাম কৰিব। দলৰ প্রথম কাম হৈছে, সমগ্ৰ ৰাজ্যত সদস্য গ্রহণ অভিযান। ত্রিপুৰাৰ সামগ্রিক উন্নয়ন, বিকাশ, হিংসা আৰু দুর্নীতিমুক্ত কৰাই লক্ষ্য তেওঁলোকৰ। তাৰ লগতে বিদ্যুৎ, পানী, স্বাস্থ্য পৰিসেৱাৰ উন্নয়ন আৰু মাদক সেৱন নিষিদ্ধ কৰাও তেওঁলোকৰ অন্যতম উদ্দেশ্য বুলি দাবী কৰে ৰাজেশ শর্মাই৷
তেওঁ কয়, দলটোৱে সম্পূর্ণ শক্তিৰে ৰাজ্যখনলৈ আহিব। ৰাজ্যখনৰ বুদ্ধিজীৱীসকলে আম আদমি পার্টিৰ সৈতে যোগাযোগ ৰাখিছে। ৰাজ্যখনত বৰ্তমান বিৰোধী দল নাই, ফলত এটা দলৰ আধিপত্য চলিছে। ৰাজ্যখন ৰবহু লোকে মনত পেলাই দিছে, তেওঁলোকৰ গণতান্ত্রিক অধিকাৰ সুৰক্ষিত নহয়। সেয়ে তেওঁলোকৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। তেওঁলোকে ক্ষমতাৰ পৰিবর্তন বিচৰা বুলিও দাবী কৰে তেওঁ।
উল্লেখ্য, ত্ৰিপুৰাত এমাহজোৰা সদস্য সংগ্রহ অভিযান চলাব দলটোৱে। কোন জিলাৰ পৰা কিমান সংখ্যক লোকে যোগ দিছে, এই বিষয়বোৰ বিবেচনা কৰি ইয়াৰ পিছত পূর্ণাঙ্গ কমিটিৰ বিষয়ে আলোচনা হ’ব বুলি জনাইছে।
আনহাতে, এই মুহূর্তত কোনো ৰাজনৈতিক দলৰ সৈতে জোঁট গঠনৰ কথা তেওঁলোকে চিন্তা কৰা নাই বুলিও জনায়। উত্তৰ-পূব ভাৰতত দলৰ নির্বাচনী তত্ত্বাৱধায়ক মণীষ কৌশিকসহ অন্যান্য নেতৃত্বসকল উপস্থিত থাকে।













