ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

স্তনপান শিশুৰ বাবেই নহয়, মাতৃৰ স্বাস্থ্যৰ বাবেও উপকাৰী:

স্বাস্থ্য প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
May 13, 2022
Reading Time: 1 min read
A A
0
স্তনপান শিশুৰ বাবেই নহয়, মাতৃৰ স্বাস্থ্যৰ বাবেও উপকাৰী:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

সদ্যোজাতৰ ৰোগ প্রতিৰোধ ক্ষমতা গঢ়ি তোলাৰ বাবে মাতৃদুগ্ধৰ বিকল্প নাই। তাৰ উপৰি মাতৃ আৰু সন্তানৰ আত্মিক সংযোগ গঢ়ি উঠে এই প্রক্রিয়াৰ মাজেদিয়ে। শিশুৰ ‘প্রাইম কেয়াৰগিভাৰ’ যে মাতৃয়েই, সেই বোধ শিশুৰ ভিতৰত সৃষ্টি হয় মাতৃদুগ্ধ পানৰ মাধ্যমেৰে।

মাতৃদুগ্ধ পানসাধাৰণতে শিশুৰ ছয় মাহ বয়সলৈ কেৱল মাত্র মাতৃদুগ্ধ পানৰ পৰামর্শ দিয়ে চিকিৎসকসকলে। কিন্তু চাকৰিজীৱী মাতৃসকলৰ বাবে সেয়া বহু সময়ত সম্ভৱ নহয়। সেই ক্ষেত্রত অন্তত তিনি মাহ যেন কেৱল মাতৃদুগ্ধ পান কৰোৱা যায়, সেই দিশত দৃষ্টি দিবলৈ কয় চিকিৎসকসকলে।

মাতৃদুগ্ধ পানৰ ক্ষেত্রত কি কি সমস্যা সাধাৰণতে মহিলাসকলৰ হৈ থাকে :

মাতৃদুগ্ধ• কলোষ্ট্ৰাম : নতুন মাতৃৰ স্তনৰ পৰা প্রথম তিনি-পাঁচ দিন ক্ষৰিত হয় কলোষ্ট্ৰাম, যি দেখিবলৈ গাখীৰৰ দৰে নহয়। কিন্তু শিশুৰ পুষ্টি আৰু শাৰীৰিক বৃদ্ধিৰ বাবে ই ইমানেই উপকাৰী যে সেয়ে ইয়াক কোৱা হয় ‘গ’ল্ড মিল্ক’ অৰ্থাৎ সোণালী গাখীৰ। বহু মাতৃয়েই দুশ্চিন্তা কৰিবলৈ আৰম্ভ কৰে, যে তেওঁৰ স্তনদুগ্ধ ঠিকমতে নিঃসৃত নহয়। সেয়ে প্রথমতেই কলোষ্ট্ৰামৰ বিষয়টো তেওঁলোকক বুজাই দিব লাগিব।

• স্তনবৃন্তক লৈ সমস্যা : বহু মহিলাৰ নিপল বা স্তনবৃন্ত চেপেটা হয়। কাৰোবাৰ নিপল আকাৰত ডাঙৰ হোৱাত শিশুই ঠিকমতে চুহিব নোৱাৰে। আকৌ কাৰোবাৰ নিপল ভিতৰলৈ সোমাই যোৱা হয়। তেওঁলোকৰ ক্ষেত্রত নিপল শিল্ড ব্যৱহাৰ কৰা হয়, যাতে শিশুই ঠিকমতে মাতৃৰ বুকুৰ গাখীৰ খাব পাৰে।

মাতৃদুগ্ধ পানপ্রতিখন হস্পিটেলতেই আজিকালি লেকটেচনেল বিশেষজ্ঞ নাৰ্ছ থাকে, যিয়ে মাতৃসকলক এই বিষয়ত গাইড কৰে। আৰু এটি বিষয় এই ক্ষেত্রত মনত ৰখা খুব জৰুৰী। মাতৃদুগ্ধ পান কৰোৱাৰ সময়ত শিশুৰ নাক যেন স্তনত চেপা খাই নাযায়।

সেই ক্ষেত্রত তেওঁলোকৰ এছফিক্সিয়া বা শ্বাসৰোধ হৈ যোৱাৰ সম্ভাৱনা থাকে। মাতৃৰ স্তনবৃন্ত আৰু শিশুৰ নাক থাকিব লাগে একেটা লেভেলত। সেয়ে সতর্ক থকাৰ বাবে মাতৃসকল সেই সময়ত মোবাইলত ব্যস্ত নথকাই বাঞ্ছনীয় বুলি প্ৰকাশ কৰে চিকিৎসকসকলে। খুওৱাৰ পিছত শিশুৰ যাতে হিকতি উঠে, সেইটো চোৱাও ভীষণ জৰুৰী।

• কর্মৰতা মাতৃসকলৰ বাবে : প্ৰসৱকালীন সময়ৰ পৰা ঘূৰি আহি সদ্য কামত যোগ দিয়া মাতৃসকলে তিনি-চাৰি ঘণ্টাৰ মূৰে মূৰে চাপ দি স্তনদুগ্ধ পেলাই দিব লাগে। কাৰণ ঘৰলৈ ঘূৰি আহি তেওঁলোকে যেতিয়া পুনৰ শিশুক গাখীৰ খুৱাব, তেতিয়া গাখীৰৰ যোগান থকাটো জৰুৰী। মিল্ক ছাপ্রেছ কৰাৰ ঔষধ দিলে গাখীৰৰ পৰিমাণ বহুখিনি কমি যায়।

• হাইজিন ৰক্ষা : মাতৃদুগ্ধ পান কৰোৱাৰ পূৰ্বে আৰু পিছত মাতৃয়ে স্তন আৰু নিপল ভালদৰে পৰিষ্কা কৰি ৰাখিব লাগে। শিশুৰ শৰীৰৰ পক্ষে ক্ষতিকৰ নোহোৱা ক্রিম বা ময়শ্চাৰাইজাৰ লগালে ফটা নিপলৰ সমস্যাও কম হয়।

• ওজন কমায় : মাতৃদুগ্ধ পান কৰোৱাৰ ডাঙৰ উপকাৰিতা, ইয়াৰ ফলত মাতৃৰ ওজন বহুখিনি কমিব পাৰে। শিশুৰ মাতৃদুগ্ধ পানৰ সময়ত এটি স্তনৰ পৰা প্রায় ৫০০ কেলৰি বার্ন হয়।

• কেন্সাৰ প্রতিৰোধত : মাতৃদুগ্ধ পান কৰালে ব্রেষ্ট কেন্সাৰ আৰু অভাৰিয়ান কেন্সাৰৰ সম্ভাৱনা কমে।শৰীৰবৃত্তীয় সমস্যাৰ উপৰি প্রসৱ-পৰৱর্তী সময়ত মানসিক চাপ বাঢ়ি থাকে মাতৃসকলৰ। বহু সময়ত কিছু বিশেষ ধৰণৰ ঔষধ খোৱাৰ বাবে বা কোনো অসুস্থতাৰ বাবে মাতৃয়ে হয়তো সন্তানক স্তনপান কৰাব নোৱাৰিব পাৰে।

সেই ক্ষেত্রত অনুমান হয়, তেওঁলোক সপূর্ণ মাতৃ হ’ব নোৱাৰিলে। বিষয়টিক বিজ্ঞানমনস্কভাবে চোৱা উচিত।মডেলিং, গ্লেমাৰ ইণ্ডাষ্ট্ৰীৰ সৈতে যুক্ত মহিলাসকল ‘বডি ইমেজ’ক লৈ দুশ্চিন্তাত থাকে। এই ক্ষেত্রত ব্যক্তিগত সিদ্ধান্ত এটি প্রশ্ন। কিন্তু মাতৃদুগ্ধ পানৰ উপকাৰিতা সম্পর্কে প্রত্যেকেই অৱগত হোৱাটো জৰুৰী।

সাধাৰণতে সংক্রমিত মাতৃক (হেপাটাইটিছ বি আক্রান্ত) মাতৃদুগ্ধ পান কৰাবলৈ বাৰণ কৰা হয়। এপিলেপ্সিৰ ঔষধ যিসকলে খায় বা অন্য কোনো মুড ডিজঅর্ডাৰৰ, তেওঁলোকৰ ক্ষেত্রতো ব্রেষ্টফিড কৰোৱাটো ৰিস্কপূর্ণ। সেয়ে এই ধৰণৰ সমস্যাত চিকিৎসকৰ পৰামর্শ লোৱা জৰুৰী।

মাতৃদুগ্ধৰ পৰা শিশুৰ যদি এলার্জি হয় বা লেকটোজ ইনটলাৰেন্স হৈ থাকে, তেতিয়া চিকিৎসকৰ পৰামর্শ লোৱাটো জৰুৰী।

প্রসৱ-পৰৱর্তী সময়ত ডায়েট:

যিসকল মহিলাই মাতৃদুগ্ধ পান কৰায়, তেওঁলোকৰ ডায়েট কিন্তু এগৰাকী গৰ্ভৱতী মহিলাৰ ডায়েটৰ দৰে নহ’ব। যদি কোনো মাতৃ এই সময়ত নিৰামিষভোজী হয়, তেওঁ জিঙ্ক আৰু আয়ৰনৰ সৰবৰাহৰ বাবে ড্রাই ফ্রুইটছ, ড্রাই বিনছ, বাদাম আৰু ডেইৰী প্রডাক্ট খোৱাটো খুব জৰুৰী। শিশুৰ শৰীৰত বি ভিটামিনৰ অভাৱ নঘটিবলৈ ভিটামিন বি-১২ ছাপ্লিমেন্ট লোৱাটো জৰুৰী।

যি মাতৃৰ খোৱাত বাচ-বিচাৰ নাই, তেওঁলোকৰ ডায়েটত উচ্চ প্রটিন, ওমেগা থ্রি, ভিটামিন চি, কেলচিয়াম, জিঙ্ক আৰু মেগনেছিয়ামৰ বেলেন্স ঠিক ৰাখিব লাগিব। তাৰ উপৰি প্রছেচড ফুড, কফি, চাহ, এলকহল, চকলেট, বেছি মচলা দিয়া খাদ্য নোখোৱাই ভাল।

শিশুৰ সঠিক বয়স পর্যন্ত স্তনপান কৰোৱা যেনেদৰে জৰুৰী, তেনেদৰেই কেতিয়াবা অন্য খাদ্যত অভ্যস্ত কৰাবও লাগিব, সেইটো নিশ্চিত কৰাটো মাকৰ দায়িত্ব। কাৰণ দুই-তিনি বছৰ বয়স পর্যন্ত শিশুক মাতৃদুগ্ধ পান কৰালে মাতৃদুগ্ধৰ ওপৰত নির্ভৰশীলতা বাঢ়ি থাকে।

তেনে ক্ষেত্রত মাতৃ আৰু শিশু দুয়োৰেই সমস্যা হয়। বিশেষকৈ, দ্বিতীয় সন্তান আহিলে দুই সন্তানৰ মাজত ঈর্ষা ভাব বাঢ়ি থাকে। সেয়ে দুই বছৰ পর্যন্ত মাতৃদুগ্ধ পান কৰালে শিশুৰ বৃদ্ধিত উপকাৰ নহয়, বৰঞ্চ মাতৃৰ শৰীৰক কেলচিয়ামৰ মাত্রা কমি থাকে।
স্তন্যপান কৰোৱাৰ জৰিয়তে শিশুৰ শাৰীৰিক আৰু মানসিক সুস্থতা গঢ়ি তোলাৰ দায়িত্ব সেয়ে মাতৃসকলৰেই।

Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী
Science

Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

July 5, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx