ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আৰু কিমান অসম সন্তানৰ বানত মৃত্যু হ’লে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব?

ASSAM TIMES POST by ASSAM TIMES POST
July 13, 2019
Reading Time: 1 min read
A A
0
আৰু কিমান অসম সন্তানৰ বানত মৃত্যু হ’লে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব?

-অদীপ কুমাৰ ফুকন
কাৰ্যকৰী সভাপতি, অসম সংগ্ৰামী মঞ্চ

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

আৰু কিমানজন অসম সন্তান বানত মৃত্যু হ’লে, কিমান খেতিমাটি ব্ৰহ্মপুত্ৰই খহাই নিলে, কিমান শস্যভূমি নষ্ট হ’লে, কিমান জীৱ-জন্তুৰ মৃত্যু হ’লে আৰু বছৰত কেইবাৰ বানত আক্ৰান্ত হ’লে ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ’ব?
কি যুক্তিত মোডী চৰকাৰে ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা সমস্যা ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি ঘোষণা কৰিলে। কেন্দ্ৰীয় চৰকৰাৰে জনা উচিত যে ব্ৰহ্মপুত্ৰ নদীখন কেৱল অসমৰ ভূমিতে সৃষ্টি হৈ অসমৰ ভূমিতে শেষ হোৱা নাই। ব্ৰহ্মপুত্ৰ এখন আন্তঃৰাষ্ট্ৰীয় নদী৷ তিব্বতৰ মাজেৰে চাংপো নাম লৈ ১,৭৪০ কিলোমিটাৰ অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰই। তিব্বতৰ পৰ্বতমালা অতিক্ৰম কৰি দিচাং নাম লৈ ভাৰতত সোমাই ব্ৰহ্মপুত্ৰই অসম তথা ভাৰতৰ ভূমিৰে অতিক্ৰম কৰিছে ৯১৮ কিলোমিটাৰ। যমুনা নাম লৈ বাংলাদেশৰ মাজেৰে ৩৩৭ কিলোমিটাৰ অতিক্ৰম কৰি পদ্মা নাম লৈ বাংগোপ সাগৰত পৰিছে। তিব্বতৰ অন্যতম নদী ৰালা টাচাংপু, ডকচাং টাচাংপু, লাহাচা, গ্ৰামতা, নায়াংচু নদী ব্ৰহ্মপুত্ৰৰ লগত সংযোগ হৈ বৃহৎ পৰিমাণৰ জলৰাশি কঢ়িয়াই আনিছে।
নাগালেণ্ড, অৰুণাচল, মেঘালয়ৰ পৰা অহা নদীয়ে ব্ৰহ্মপুত্ৰৰ পানীৰ আধাৰ বৃদ্ধি কৰাৰ লগতে দুখন অন্য ঠাই ম্যানমানৰ আৰু ভূটানৰ পৰা অহা পানীয়েও ব্ৰহ্মপুত্ৰক এক ভয়ংকৰ ৰূপ ধাৰণ কৰাত সহযোগ কৰিছে। এনে স্তৰত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা সমস্যাক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য নকৰিব কিয়? কেন্দ্ৰীয় চৰকাৰে জনা উচিত যে অৱবাহিকা অঞ্চলৰ পৰা অহা পানীৰ হিচাপত ব্ৰহ্মপুত্ৰ বিশ্বৰ প্ৰথম নদী। তিব্বতত ২,৫৪,০০০ বৰ্গকিলোমিটাৰ, ভাৰতত ২,৩৩,০০০ বৰ্গকিলোমিটাৰ, বাংলাদেশত ৯৩,০০০ বৰ্গকিলোমিটাৰ অঞ্চল লৈ ব্ৰহ্মপুত্ৰ অৱবাহিকা ৫,৮০,০০০ বৰ্গকিলোমিটাৰ। তিনিখন ৰাষ্ট্ৰৰ মাজেৰে প্ৰৱাহিত এই ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা নকৰিব কিয়?
১৮৯৭ চনৰ পৰা যোৱা ১২২ বছৰে অসমবাসীয়ে বানপানীৰ লগত যুঁজি থাকিবলগা হৈছে। ১৯৫০ চনৰ পিছত প্ৰতিবছৰে মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ অসমবাসীয়ে ভয়ংকৰ বানপানীৰ সন্মুখীন হৈ আহিছে। ভাৰতৰ ১০.২ শতাংশ ভূমি বানাক্ৰান্তৰ বিপৰীতে অসমৰ ৩৯.৫৮ শতাংশ ভূমি বানাক্ৰান্ত। ১৯৯০ চনৰ পৰা প্ৰতি বছৰে গড়ে ৬২ বৰ্গকিলোমিটাৰ মাটি খহাই নিছে ব্ৰহ্মপুত্ৰই। যোৱা ২৯ বছৰত ব্ৰহ্মপুত্ৰই ১,৯১৮ বৰ্গকিলোমিটাৰ ভূমি খহাই নিয়াৰ পিছতো এই সমস্যা ৰাষ্ট্ৰীয় সমস্যা নহ’ব কিয়?

১৯২৮ চনৰ ব্ৰহ্মপুত্ৰ আছিল ৩,৮৭০ বৰ্গকিলোমিটাৰ, ১৯৭৫ চনত হ’লগৈ ৪,৮৫০ বৰ্গকিলোমিটাৰ। ২০০৬ চনত ব্ৰহ্মপুত্ৰৰ পৰিসৰ ৬,০৮০ বৰ্গকিলোমিটাৰলৈ বৃদ্ধি পালে। ৭৮ বছৰত ব্ৰহ্মপুত্ৰৰ পৰিসৰ ২,২১০ বৰ্গকিলোমিটাৰ বৃদ্ধি পালে৷ যোৱা ২০ বছৰত গৰাখহনীয়াত উছন হ’ল ৪,০৫,৬৬০ বিঘা ভূমি। ১৯৫০ চনৰ ব্ৰহ্মপুত্ৰই ১.২৫ লাখ কৃষিজীৱী পৰিয়ালৰ প্ৰায় ৪.২৭ লাখ হেক্টৰ ভূমি বিলুপ্তি কৰিছে। ১৯৫১ চনত মাজুলীৰ ভূমি আছিল ৯,৩০,৭১২ বিঘা ৩ কঠা ৪ লেচা৷ ২০১৭ চনত ব্ৰহ্মপুত্ৰৰ কবলত পৰি মাজুলী হ’লগৈ ৫,২৫,২৩৬ বিঘা ১২ লেচাৰ৷ ৪,০৫,৪৭৬ বিঘা ভূমি ব্ৰহ্মপুত্ৰৰ মাজলৈ গ’ল৷ ব্ৰহ্মপুত্ৰই এনে এটা সমস্যাৰ সৃষ্টি কৰাৰ পিছতো এই সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা নহ’ব কিয়?
১৯৫৩ চনৰ পৰা ২০১৭ চনলৈ কেন্দ্ৰীয় চৰকাৰে সংসদত দিয়া তথ্য মতে, অসমৰ ৩,০৯৩জন লোকৰ বানৰ কবলত পৰি মৃত্যু হৈছে, ৬,৭৯,৫৭৮ জীৱ-জন্তুৰ মৃত্যু হৈছে, ৪,৩৯,৩১২টা গৃহ ব্ৰহ্মপুত্ৰত জাহ গৈছে। প্ৰকৃতাৰ্থত ক্ষতিৰ পৰিমাণ চৰকাৰী তথ্যতকৈ অধিক৷ ইয়াৰ পিছতো এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য নকৰিব কিয়? অসমবাসীক ভাৰতীয় নাগৰিক হিচাপে গণ্য নকৰে নেকি?
আমাৰ প্ৰশ্ন : অসমৰ বান সমস্যাৰ সমাধানৰ বাবে চৰকাৰৰ একমাত্ৰ বিকল্প হ’ল মথাউৰি। ১৯৫৪ চনত নিৰ্মাণ আৰম্ভ কৰা বেছিভাগ মথাউৰিৰ নিৰ্মাণৰ সময় ৫০ বছৰ অতিক্ৰম কৰিলে। এই মথাউৰিসমূহৰ ৯৫০ কিলোমিটাৰ অৰ্থাৎ ২১.৩ শতাংশ সম্পূৰ্ণ বিধ্বস্ত। ২,৩৯০ কিলোমিটাৰ অৰ্থাৎ ৫৩.৬ শতাংশ কিছু পৰিমাণে ভাল৷ ১,১১৯ কিলোমিটাৰ অৰ্থাৎ ২৫ শতাংশহে মাত্ৰ ভাল হৈ আছে৷ অথচ এই মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগ নাই৷ নাবাৰ্ড আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ঋণ লৈ অসম চৰকাৰে কেৱল ভঙা মথাউৰি মেৰামতি কৰাতে ক্ষান্ত থাকিবলগা হৈছে কিয়?

আমাৰ প্ৰশ্ন : বিভিন্ন শিতানত জলসম্পদ বিভাগৰ বাবে বাজেটত অনুমোদন জনোৱাৰ পিছত সেই অৰ্থ নিৰ্দিষ্ট সময়ত প্ৰকৃত কামত ব্যয় কৰা নহয় কিয়? ২০১৫-১৬, ২০১৬-১৭ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত State Plan ২২৫.৪ কোটি টকা বাজেট অনুমোদন পোৱাৰ পিছত বিভাগে ব্যয় কৰিবলৈ সফল হ’ল মাত্ৰ ৫৯.৮৬ কোটি। Nabard-ৰ ৫৬২ কোটিৰ ৩০৫ কোটি, NEC-ৰ ১৯.৬৫ কোটিৰ ৪.৭৫ কোটি, NLOPR-ৰ ৬.৮৬ কোটিৰ ৯৭ লাখ, CLA/CSS/EFC/FMP-ৰ ৪,০৭০ কোটিৰ ৭২.৯৩ কোটি, FMP-ৰ ৰাজ্যিক অংশৰ ৬১৮.৭৩ কোটিৰ ৭১.৬৩ কোটি, EAP-ৰ ৩৯০.৯২ কোটিৰ ১৬২.৪৪ কোটি, CM’s Bank Valley Packageৰ ১২৬.৬৪ কোটিৰ ৫২ কোটি, SPA-ৰ ৫৯.৬৬ কোটিৰ ৯.২৮ কোটি আৰু RIDF-ৰ ৰাজ্যিক অংশৰ ২৪৩.১২ কোটিৰ মাত্ৰ ১১.৩১ কোটি টকাহে জলসম্পদ বিভাগে বান নিয়ন্ত্ৰণৰ বাবে ব্যয় কৰিলে কিয়? অসমৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ দায়িত্ব নাই নেকি?
আমাৰ দাবী :
• ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰে শতবছৰ গৰকা এই সমস্যা সমাধান কৰাৰ বাবে দায়িত্ব গ্ৰহণ কৰক।
• গংগা আয়োগৰ অধীনত ব্ৰহ্মপুত্ৰ কিয়• অসমৰ জলসম্পদ বিভাগৰ প্ৰতিটো সিদ্ধান্ত গংগা আয়োগৰ পৰা অনুমোদন ল’বলগা হয় কিয়? আমাৰ দাবী– উত্তৰ-পূৰ্বাঞ্চলৰ জলসম্পদ বিভাগৰ বাবে ব্ৰহ্মপুত্ৰ আয়োগ গঠন কৰক৷
• ব্ৰহ্মপুত্ৰ আৰু নদীসমূহে কৰি অহা খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে তৎকালে পূৰ্ণাংগ আঁচনি ঘোষণা কৰক।
• বানপীড়িতসকলৰ সংস্থাপন আৰু সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পুঁজি নিৰ্দিষ্ট কৰি পৰিকল্পনা ঘোষণা কৰক।
• মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্ব গ্ৰহণ কৰিয়েই ঘোষণা কৰা মথাউৰি সুৰক্ষা সমিতি গঠন আৰু দল-সংগঠনক জড়িত কৰাৰ সিদ্ধান্ত তৎকালে কাৰ্যকৰী কৰক।
• অসমৰ বানাক্ৰান্ত অঞ্চলসমূহত বানপানীয়ে ঢুকি নোপোৱা গৃহ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গৃহ নিৰ্মাণ কৰাৰ আঁচনি গ্ৰহণ কৰক।

Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx