ASSAM TIMES POST, জিতেন বৰকটকী, নগাঁওঃ ৰাজ্যত ভয়াৱহ বান পৰিস্থিতিৰ সমান্তৰালকৈ জাপানীজ এনকেফেলাইটিছ ৰোগে এতিয়া ভংয়কৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ নগাঁও জিলাতো কেইবাগৰাকীও লোকে মৃত্যুক আঁকোৱালি লৈছে। নগাঁও জিলাৰ হাতীচোংৰ কমাৰচুকত কালি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ আৰু এগৰাকী লোকে মৃত্যুক সাৱটি লয়।মৃত ব্যক্তি গৰাকীৰ নাম গোলাপ দাস ।
গোলাপ দাস কিছুদিন পূৰ্বে জ্বৰত আক্ৰান্ত হোৱাত তেওঁক পৰিয়ালৰ লোকে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও আৰোগ্য নহোৱাত তেওঁক নগাঁও চৰকাৰী চিকিৎসালয়ত তেজৰ পৰীক্ষা কৰোৱাত এনকেফেলাইটিছ ৰোগ ধৰা পৰে।পিছত চিকিৎসকৰ পৰামৰ্শ মৰ্মে গোলাপ দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে কালি দাসৰ মৃত্যু হয়। ভাৰতীয় ৰেল বিভাগত চাকৰি কৰি অৱসৰপ্রাপ্ত কৰ্মচাৰী আছিল গোলাপ দাস। উল্লেখযোগ্য যে বৰ্তমান লৈকে নগাঁও জিলাত চৰকাৰী তথ্য মতে ৪জন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ৭ গৰাকী ব্যক্তি এই ৰোগত আক্ৰান্ত হৈছে।













