ASSAM TIMES POST, শিৱসাগৰঃ শিৱসাগৰত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী তথা সমবায় মন্ত্ৰী ৰিহন দৈমাৰী উপস্থিত হৈ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এক বিশেষ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। লগতে দুয়োটা বিভাগৰ অধীনত জিলাখনত চলি থকা কাম-কাজ আৰু আঁচনিসমূহৰ অগ্ৰগতিৰ সম্পকে বুজ লয়। উক্ত আলোচনা সভাত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সমবায় সমিতি সমূহৰ পঞ্জীয়ক ললিত গগৈ, উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, জিলা উন্নয়ন আয়ুক্ত জোনমণি সোনোৱাল আৰু নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰী গৰাকীয়ে জিলা জল আৰু অনাময় সমিতিৰ বিভিন্ন কাম-কাজ আদিৰ বিষয়ে বিতংকৈ আলোচনা কৰে।
বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ৰ ২০২৪ চনৰ ভিতৰত দেশত “হৰ ঘৰ নল কা জল” লক্ষ্য প্ৰাপ্তিৰ বাবে জিলাখনৰ বিভাগীয় বিষয়া সকলকো কাম কৰি যাবলৈ আহ্বান জনায়। তদুপৰি মন্ত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্যত খোৱা পানীৰ গুণাগুণ পৰীক্ষা কৰোৱাত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ জিলাখনৰ তিনিখন পৰীক্ষাগাৰৰ অৱস্থা সম্পৰ্কেও বুজ লয়। বিভাগৰ অসম্পূৰ্ণ কাম-কাজ অতিশীঘ্ৰে সম্পূৰ্ণ কৰি পাৰ্যমানে সৌৰশক্তিক বিকল্প হিচাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
জিলাখনক অতিশীঘ্ৰে মুকলিত মলত্যাগ মুক্ত জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে ৩১ জুলাইৰ ভিতৰত শৌচাগাৰ নিৰ্মাণৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। লগতে তেওঁ শৌচাগাৰৰ সু-ব্যৱহাৰৰ বিষয়েও ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ আৱশ্যকতা সম্পৰ্কে দোহাৰে। সভাত মন্ত্ৰী দৈমাৰীয়ে সম্ভাব্য বানপানীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়ে বিভাগীয় প্ৰস্তুতি সম্পৰ্কে বিস্তৃতভাৱে বুজ লয়। সমবায় বিভাগৰ কামকাজৰ পৰ্য্যালোচনা কালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক সমবায় সমিতিসমূহ পুনৰোজ্জীৱিত কৰি এইসমূহক উৎপাদনমুখী আৰু বজাৰ ব্যৱস্থাৰ লগত সংযোগ বৃদ্ধিত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে।
শিৱসাগৰ জিলাৰ ‘অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়’ৰ পৰা কাৰিকৰী সহযোগিতা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। জিলাখনক প্লাষ্টিকমুক্ত কৰাৰ অৰ্থে সমবায় সমিতিসমূহৰ মাধ্যমেৰে মৰাপাটৰ বেগ আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰচেষ্টা কৰিবলৈও মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়ায়। উক্ত সভাত জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ বিষয়াবৰ্গও উপস্থিত থাকে।













