![]()
প্রায় দুবছৰ ধৰি ডাকঘৰত জমা ৰখা ২৪টা পৰিয়ালৰ স্থায়ী জমা (ফিক্সড ডিপোজিট) আইপিএল বেটিং ত লগাই জে’ললৈ যাব লগা হ’ল এজন পোষ্ট মাষ্টাৰ।
অভিযুক্ত পোষ্ট মাষ্টাৰজনে ২৪ পৰিয়ালৰ মুঠ এক কোটি টকা বেটিঙত লগাইছিল। বেটিং কৰিবলৈ গৈ সকলো টকাই হেৰুৱায় তেওঁ। অভিযুক্তৰ নাম বিশাল আহিৰৱাৰ।
জানিব পৰা মতে, অভিযুক্ত মধ্যপ্রদেশৰ বিনা উপ ডাকঘৰৰ পোষ্ট মাষ্টাৰ। আৰক্ষী সূত্র মতে, এই টকা সাগৰ জিলাৰ এটি উপ ডাকঘৰত জমা দিয়াৰ কথা আছিল অভিযুক্তৰ। কিন্তু তেওঁ উক্ত পৰিয়ালকেইটাৰ নামত নকল একাউন্ট খুলি পাছবুকৰ জৰিয়তে দুবছৰ ধৰি সকলো টকা উঠাই নিয়ে।
উক্ত টকা তেওঁ প্রায় দুবছৰ ধৰি আইপিএল মেচত জুৱা খেলাৰ কামত লগায়। অভিযুক্ত পোষ্ট মাষ্টাৰজনক ২০ মে’ত বিনা ৰে’লৱে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। আৰক্ষীৰ ওচৰত তেওঁ নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰা বুলি খবৰ। আইপিএলৰ বেটিং ক’ত আৰু কাৰ সৈতে চলিছিল সেই বিষয়ে অভিযুক্তক জেৰা কৰি জনাৰ চেষ্টা কৰিছে আৰক্ষীয়ে।












