ASSAM TIMES POST, নগাঁওঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিছৰ আইন শৃংখলাজনিত পৰিস্হিতি পৰ্যালোচনাৰ বাবে আজি নগাঁৱত পাঁচ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ এখন বৈঠক অনুষ্ঠিত হয়। নগাঁও, হোজাই, মৰিগাঁও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ মুৰব্বী সকলৰ এই বৈঠকত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথ উপস্হিত থাকে। নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া দুগৰাকীয়ে উপায়ুক্ত আৰু অধীক্ষকসকলৰ পৰা জিলা কেইখনৰ আইন শৃংখলাজনিত পৰিস্হিতিৰ বুজ লয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিছত কোনো পৰিস্হিতিৰ উদ্ভৱ যাতে নহয় তাৰ বাবে ল’বলগীয়া সতৰ্কতা বিশেষকৈ ছ’চিয়েল মেডিয়াৰ ওপৰত নজৰ ৰাখিবলৈ আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ দিয়ে ।













