![]()
হাৱালা-কাণ্ডত ধৃত মন্ত্রী সত্যেন্দ্র জৈনৰ কাষত থিয় দিলে দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমি পার্টি (আপ)ৰ প্রধান অৰবিন্দ কেজৰিৱাল। কেন্দ্রীয় সংস্থা এনফৰ্চমেন্ট ডিৰেক্টৰেট (ইডি)ৰ হাতত সত্যেন্দ্রৰ গ্রেপ্তাৰীৰ প্রায় ২৪ ঘণ্টা পিছত মঙ্গলবাৰে দুপৰীয়া কেজৰিৱালে কয়, ‘‘গোচৰটি সম্পূৰ্ণভাৱে জাল আৰু ৰাজনৈতিক উদ্দেশ্য প্রণোদিত।’’
বেআইনী বিত্তীয় লেনদেনৰ অভিযোগত কেইঘণ্টামান জেৰাৰ পিছত সোমবাৰে বিয়লি দিল্লীৰ স্বাস্থ্যমন্ত্রী তথা আপ নেতা সত্যেন্দ্রক গ্রেপ্তাৰ কৰে ইডিয়ে। ইয়াৰ পিছতেই বিজেপি আৰু কংগ্রেছ মন্ত্ৰীসভাৰ সত্যেন্দ্রক বৰ্খাস্ত কৰাৰ দাবী তোলে। অৱশ্যে কেজৰিৱালে মঙ্গলবাৰে স্পষ্ট কৰিছে, ৰাজনৈতিকভাবে সত্যেন্দ্রৰ কাষতেই থাকিব আপ।
কেজৰিৱালৰ দাবী, তেওঁ সত্যেন্দ্রৰ বিৰুদ্ধে ইডিয়ে ৰুজু কৰা গোচৰটো পৰীক্ষা কৰি চাইছে। তাত কেন্দ্রৰ ৰাজনৈতিক ষড়যন্ত্রৰ চাপ স্পষ্ট।










