ASSAM TIMES POST, নিউজ ডেস্ক, নতুন দিল্লীঃ উত্তৰ প্ৰদেশৰ বিধায়ক ৰাজেশ মিশ্ৰৰ কন্যাই দলিত সম্প্ৰদায়ৰ এগৰাকী যুৱকৰ সৈতে পৰিয়ালৰ অমতত বিবাহ হোৱাৰ বাবে যুৱতীগৰাকীক ভাবুকি দিয়াৰ অভিযোগ উঠিছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে সাক্ষী মিশ্ৰ নামৰ ২৩ বছৰীয়া যুৱতীগৰাকীয়ে কয় যে তেওঁৰ পিতৃৰ একাংশ সহযোগী আৰু তেওঁৰ ভাতৃয়ে সাক্ষী মিশ্ৰ আৰু তেওঁৰ স্বামীক হত্যাৰ ভাবুকি দিছে।
কন্যাই ভিডিঅ’ ৰেৰ্কডিঙৰ জৰিয়তে ৰাজ্যবাসীলৈ আহবান জনাইছে যে নিজৰ কন্যাক ভাবুকি দিয়া তেওঁৰ পিতৃক যাতে কোনো সহায় নকৰে। কাৰণ তেওঁৰ পিতৃ আৰু সহযোগীসকলে সাক্ষী মিশ্ৰ আৰু তেওঁৰ স্বামীক হত্যাৰ ভাবুকি দিয়া সম্পৰ্কত আৰক্ষীক গোচৰ দাখিল কৰা হৈছে।
বিধায়ক পিতৃৰ এনে স্থিতিৰ বাবে ৰাজ্যখনত প্ৰতিকাৰ সৃষ্টি হৈছে৷ লগতে বিধায়কজনে ভাবুকি নিদিয়া বুলি স্পষ্ট কৰি দিছে। তেওঁ কয় যে তেওঁৰ কন্যা বৰ্তমান প্ৰাপ্তবয়স্ক আৰু নিজৰ ক্ষেত্ৰত সিদ্ধান্ত ল’বলৈ সক্ষম। সেয়েহে কন্যাৰ নিজৰ সিদ্ধান্তৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা প্ৰশ্নই নাহে। এনেকৈয়ে নিজ কন্যাই পিতৃৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।













