![]()
উত্তৰ প্ৰদেশৰ বাহৰাইচত এটি আজৱ কাণ্ড সংঘটিত হৈছে। সন্দেহৰ বশৱৰ্তী হৈ জ্ঞানদত্ত পাঠক নামে বেদনাপুৰ বিদ্যুৎ বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে পত্নী ৰজনী দেৱীক নাক কামুৰি চিঙি পেলায়।
কোতৱালী দেহাট অঞ্চলৰ নিবাসী এই দম্পতী হালৰ মাজত কিছুদিন ধৰি কাজিয়াৰ সূত্ৰপাত হৈ আছিল। তাৰ পিছত ৰজনীৰ খং উঠি মাকৰ ঘৰলৈ গুচি গৈছিল। কিন্তু ঘৰলৈ উভতি যোৱাৰ পথত টিকোৰামোড আউটপ’ষ্টৰ ওচৰত আন দুগৰাকী লোকৰ সহযোগত স্বামীয়ে পত্নী ৰজনীৰ দাঁতেৰে নাক কামুৰি চিঙি পেলায়।
পৰৱৰ্তী সময়ত, মহিলা গৰাকীক সংকটজনক অৱস্থাৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। আৰু ৰজনীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে যদিও অভিযুক্ত গৰাকী পলাতক অৱস্থাত আছে।










