![]()
বাংলাদেশৰ চট্টাগঙৰ সীতাকুণ্ড অঞ্চলত থকা শ্বপিং কণ্টেইনাৰ ডিপোত নিশা সংঘটিত এক অগ্নিকাণ্ডত কমেও ৪০ জন লোক নিহত হয় আৰু অধিক নিহতৰ আশংকা কৰা হৈছে।
চট্টাগং মেডিকেল কলেজ হাস্পাতালৰ আৰক্ষী আউটপোষ্টত নিয়োজিত আৰক্ষী বিষয়া নুৰুল আলমৰ মতে, প্ৰাথমিক তদন্তত ৰাসায়নিক বিক্ৰিয়া ডিপোত প্ৰায় ৯ বজাত বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে, সেই জুই বিস্ফোৰণৰ পিছত মাজনিশালৈকে বিয়পি পৰে।
চট্টাগং অগ্নিনিৰ্বাপক বাহিনীৰ সহকাৰী সঞ্চালক মঃ ফাৰুক হোছেইন শিকদাৰে জনোৱা মতে, ১৯ খন অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে।
ঘটনাত আহত সকলক ৬ খন এম্বুলেন্সযোগে বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে এই অগ্নিকাণ্ডৰ ঘটনাত শোক ব্যক্ত কৰাৰ লগতে নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।











