![]()
মুছলিম ধর্মগুৰু হজৰত মহম্মদ সন্দৰ্ভত টিভি অনুষ্ঠানত বিতর্কিত মন্তব্য কৰিছিল বিজেপি মুখপাত্র নুপূৰ শর্মাই। যাৰফলত এক প্ৰকাৰ চাপত পৰি তেওঁক নিলম্বন কৰিবলৈ বাধ্য হয় বিজেপি।
কিন্তু তাতো বিতর্ক শেষ হোৱা নাই। এইবাৰ এই সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি ভাৰতীয় ৰাষ্ট্রদূতসকলক মাতি পঠালে ইৰান, কাটাৰ, কুৱেইটৰ দৰে বন্ধুৰাষ্ট্রবোৰে। সামাজিক মাধ্যমত ভাৰতত উৎপাদিত সামগ্ৰী নিষিদ্ধ করৰাৰো দাবী উঠিছে উক্ত দেশবোৰত। যাৰ ফলত বিপাঙত পৰিব লগা হৈছে কেন্দ্র।
কাটাৰত ভাৰতীয় ৰাষ্ট্রদূত দীপক মিট্টলক দেশখনে জনাইছে, ‘এই ঘটনাত ভাৰত চৰকাৰে প্রকাশ্যে ক্ষমা বিচাৰিব আৰু উক্ত মন্তব্যক গৰিহণা দিব বুলি আশা আছিল।’ কিন্তু সেয়া নহ’ল। সেয়ে হতাশ কাটাৰ। ইছলাম বিৰোধী এই মন্তব্য যিসকলে কৰিছে, তেওঁলোকক শাস্তি নিদি এনেদৰে চলিলে মানৱ অধিকাৰ ৰক্ষা কৰাটো কঠিন হৈ পৰিব। ইয়াৰ ফলত আৰু ভুল ধাৰণাৰ সৃষ্টি হ’ব, ইয়াৰ ফলত বাঢ়িব হিংসা।’
কুৱেইটেও তীব্র অসন্তোষ প্রকাশ কৰিছে। জনাইছে, ইয়াৰ বাবে ভাৰত চৰকাৰে প্রকাশ্যে ক্ষমা বিচৰা উচিত’। যথোপযুক্ত শাস্তি নহ’লে এইবোৰ ক্ষেত্রত হিংসা, কট্টৰপন্থা আৰু বৃদ্ধি পাব বুলি তেওঁলোকৰ আশঙ্কা।










