ASSAM TIMES POST,যোগীঘোপাঃ ৰাজ্যত মাননীয় উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাবধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম পূৰ্ণগতিত চলি থকাৰ সময়তে বঙাইগাঁও জিলাত এনআৰচি কৰ্তৃপক্ষই নাভূত নাশ্ৰুত কাণ্ড সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে। জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপাৰ পুব মাজেৰ আলগা গাওঁ পঞ্চায়তৰ এগৰাকী ৯ বছৰীয়া কিশোৰী তথা তৃতীয় শ্ৰেণীৰ ছাত্ৰীক এনআৰচি কৰ্তৃপক্ষই বিদেশী বুলি জাননী প্ৰেৰণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে, যোগীঘোপাৰ পূব মাজেৰ আলগা পঞ্চায়তৰ অন্তৰ্গত ঈশ্বৰঝাৰী প্ৰথম খণ্ড গাঁৱৰ নুৰ হুছেইনৰ কন্যা ছফিয়া খাতুনক এনআৰচি কৰ্তৃপক্ষই ঘোষিত বিদেশী বুলি জাননী প্ৰেৰণ কৰে। ২৬ জুনত প্ৰকাশ পোৱা অতিৰিক্ত কৰ্তন তালিকাত কিশোৰ গৰাকীৰ নাম প্ৰকাশ পাইছে । কিশোৰী গৰাকী ঘোষিত বিদেশী বুলি যোৱা ২৯ জুনত জাননী প্ৰেৰণ কৰিছে। এনআৰচি কৰ্তৃপক্ষই জাননীখনত স্পষ্টভাৱে কিশোৰীগৰাকী ঘোষিত বিদেশী বুলি উল্লেখ কৰিছে।
কিশোৰীগৰাকীয়ে পৰিয়ালে দাবী কৰা মতে, পৰিয়ালত কোনো লোকৰ নামত কোনো বিদেশীৰ জাননী অহা নাই। আনকি পৰিয়ালটোত কোনো লোক ডি ভোটাৰও নহয়। কিশোৰীগৰাকীৰ ককাইদেউতাৰ নামত থকা এনআৰচিৰ লিগেচিৰ ভিত্তিত পিতৃৰ লগতে পৰিয়ালৰ সমূহ সদস্য আৰু ভুক্তভোগী কিশোৰীগৰাকীৰ নাম প্ৰথম আৰু চুৰান্ত খচৰাত প্ৰকাশ পাইছে। কিন্তু অলপতে প্ৰকাশ পোৱা অতিৰিক্ত কৰ্তন তালিকাত কিশোৰীগৰাকীক ঘোষিত বিদেশী বুলি দাবী কৰি খচৰাৰ পৰা কিশোৰী গৰাকীৰ নামটো কৰ্তন কৰিছে এনআৰচি কৰ্তৃপক্ষই।













