
কাৰ্বি আংলঙত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি মাৰি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰবাসীৰ সমস্যাৰ বুজ লয়৷ সেই উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে আজি মহানগৰীৰৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ কৰে৷ উক্ত অঞ্চলবোৰ পৰিভ্ৰমণ কৰি তাৰ বিভিন্ন সমস্যাৰ বুজ লয়৷ বিশেষকৈ নিশাৰ মহানগৰীৰ ষ্ট্ৰীট লাইটৰ সমস্যাটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰে।
আনহাতে, যিবোৰ ৰাস্তাত পৰ্যাপ্ত পৰিমাণৰ ষ্ট্ৰীট লাইট নাই সেইবোৰত অতি শীঘ্ৰে তাৰ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে৷ লগতে যিবোৰত এতিয়ালৈকে কোনো ষ্ট্ৰীট লাইট নাই, তাত ষ্ট্ৰীট লাইট স্থাপনৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
ইয়াৰ উপৰি মহানগৰীত চলি থকা বিভিন্ন আন্তঃগাঁথনিক উন্নয়নৰ কামৰ অগ্ৰগতিৰো বুজ লয় মুখ্যমন্ত্ৰীয়ে। তেওঁৰ উক্ত পৰ্যবেক্ষণৰ সময়ত সকলোকে আশ্বস্ত কৰিব বিচাৰে যে মহানগৰীত চলি থকা উৰণ সেতু নিৰ্মাণৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব।
তেওঁক উক্ত পৰিদৰ্শনত সংগ দিয়ে মন্ত্ৰী অশোক সিংহল, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।













