![]()
ইছলাম ধর্মগুৰু হজৰত মহম্মদ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰি বিজেপিৰ পৰা বহিষ্কাৰ হৈছে মুখপাত্র নূপুৰ শর্মা। তেওঁৰ বক্তব্যৰ প্ৰতিবাদত নামিছে সংখ্যালঘুসকল। কুৱেইট, কাটাৰ, ইৰান, চৌডি আৰব, ইণ্ডোনেছিয়াৰ দৰে দেশে তীব্র প্রতিক্রিয়া জনাইছে।
দেশকেইখনৰ ভাৰতীয় ৰাষ্ট্রদূতসকলক তলব কৰা হৈছে। এইবাৰ হত্যাৰ ভাবুকি পোৱা বুলি অভিযোগ কৰিলে নূপুৰ শৰ্মাই। এই সন্দৰ্ভত থানাত এফআইআৰো দাখিল কৰিছে।আনহাতে, বিতর্কিত মন্তব্যৰ বাবে মুম্বাইৰ পিড়োনি থানাত নূপুৰ শর্মাৰ বিৰুদ্ধে এফআইআৰ দাখিল হৈছে।
এইবাৰ তেওঁক জেৰাৰ বাবে চমন পঠোৱা হ’ব বুলি সোমবাৰে জনালে মুম্বাই আৰক্ষীৰ আয়ুক্ত সঞ্জয় পাণ্ডেই। আৰক্ষীৰ সদৰ কাৰ্যালত এই সন্দৰ্ভত তেওঁ এক সংবাদমেলৰ আয়োজন কৰি এই কথা জনাইছে। মুছলিম সংগঠন ৰাজা একাডেমীৰ চিইঅ’ ইৰফান শ্বেখৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল হৈছে।
আনহাতে, দেওবাৰে নূপুৰক বহিষ্কাৰ কৰাৰ পূৰ্বে বিজেপিয়ে জনায়, ‘ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাসত বহু ধর্ম প্রস্ফূটিত হৈছে। ভাৰতীয় জনতা পার্টিয়ে সকলো ধর্মকে শ্রদ্ধা কৰে। যিকোনো ধর্মৰ নেতাক অৱমাননাৰ তীব্র প্রতিবাদ কৰিছে বিজেপিয়ে।’










