![]()
নূপুৰ শর্মাৰ পিছত ইছলাম ধর্মগুৰু হজৰত মহম্মদ সন্দৰ্ভত পুনৰ আপত্তিকৰ টুইট কৰাৰ অভিযোগ উঠিল কানপুৰৰ বিজেপি নেতা হর্ষিত শ্রীবাস্তবৰ বিৰুদ্ধে। ইতিমধ্যে আৰক্ষীয়ে বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰিছে। টুইটটিও আঁতৰাই পেলোৱা হৈছে। হর্ষিত শ্রীবাস্তব বিজেপিৰ যুৱ শাখা আৰু ছাত্ৰ সংসদৰ সদস্য।
কানপুৰৰ শীর্ষ আৰক্ষী বিষয়া বিজয় মীনাই জনোৱা মতে, ‘তেওঁৰ পোষ্টটি আপত্তিজনক আছিল। আৰক্ষীয়ে দ্রুততাৰে পদক্ষেপ গ্ৰহণ কৰিছে। গোচৰ ৰুজু কৰা হৈছে।গ্রেপ্তাৰো কৰা হৈছে। কোনোৱে যদি সাম্প্রদায়িক উচটনি দিয়ে বা সামাজিক ঐক্যক বিব্রত কৰে, তেনেহ’লে তেওঁৰ বিৰুদ্ধে নিৰপেক্ষ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।’
উল্লেখ্য, ইছলাম ধর্মগুৰু সন্দৰ্ভত বিতর্কিত মন্তব্য কৰি ইতিমধ্যে দলৰ পৰা বহিষ্কাৰ হৈছে বিজেপিৰ দুই মুখপাত্র। প্রাথমিক সদস্যপদো বাতিল কৰা হৈছে তেওঁলোকৰ। আনহাতে, উত্তৰ প্রদেশৰ এই মন্তব্যক কেন্দ্ৰ কৰি সংঘর্ষৰ ঘটনাও ঘটিছে। ইয়াৰ মাজতেই পুনৰ হজৰত মহম্মদ সন্দৰ্ভত আপত্তিজনক টুইট কৰি গ্রেপ্তাৰ হ’ল বিজেপিৰ যুৱ নেতা।










