ASSAM TIMES POST,নগাঁওঃ চৰকাৰী অৱহেলা, মাণ্ডলিক কাৰ্যালয়টোৰ অধীক্ষককে প্ৰমুখ্যে কৰি বিষয়া-কৰ্মচাৰীসকলৰ অদক্ষতাৰ বাবেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয় আৰু আস্থানটো মৃত্যু মুখলৈ গতি কৰিছে। বিগত ২০০১বৰ্ষৰ পৰা ২০০৬বৰ্ষ পৰ্যন্ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ অধীনত ২৫খন নিগমৰ নিজা যাত্ৰীবাহী বাছ আৰু শতাধিক বেচৰকাৰী যাত্ৰী বাহী বাছৰ চলাচল কৰিছিল।
তেতিয়াৰ নিগমৰ অধীনস্থ কেইবাখনো যাত্ৰীবাহী দূূৰণিবতীয়া যাত্ৰীবাহী বাছৰো চলাচল কৰিছিল। কিন্তু সম্প্ৰতি অসম ৰাজ্যিক পৰিবহণ নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ পৰা মাত্ৰ ৮-৯খনহে নিগমৰ নিজা বাছৰ চলাচল অব্যাহত আছে। অথচ এই মাণ্ডলিক কাৰ্যালয়টোত চৰকাৰে নিযুক্তি দি থৈছে আশী জনৰো অধিক বিভিন্ন বিষয়া-কৰ্মচাৰীক। প্ৰাপ্ত তথ্য অনুসৰি, অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থাত নিগমৰ নিজা ১৯খন যাত্ৰীবাহী বাছ আছে যদিও ইয়াৰে ১১খনেই সুদীৰ্ঘ বছৰ ধৰি সম্পূৰ্ণ বিকল হৈ পৰি আছে।
সম্প্ৰতি মৃত্যুৰে খন গণিছে নগাঁৱৰ পৰিবহণ বিভাগটোৱে। মাণ্ডলিক কাৰ্যালয়ৰ চৌহদত ৰ’দে-বৰষুণে এই বাহনসমূহ পৰি থকাত এইবোৰ পচিবলৈ ধৰিছে৷ সম্প্ৰতি চলাচল কৰি থকা নিগমৰ নিজা যাত্ৰীবাহী বাছ কেইখনৰো সৰহ সংখ্যকৰেই অৱস্থা মেৰামতি আৰু তত্ত্বাৱধানৰ অভাৱত অতিশয় জৰাজীৰ্ণ হৈ পৰিছে। ফলত ৰাজ্যৰ দূৰণিবতীয়া বিভিন্ন ঠাইলৈ নিগমৰ এই যাত্ৰীবাহী বাছ সমূহৰ চলাচলত ভীষণ সমস্যাই দেখা দিছে।













