ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

ফৰেষ্ট গাম্প আৰু পাৰফেকচনিষ্ট আমিৰ খানৰ লাল সিঙ চদ্ধা

ৰিমলী বৰকটকী:

ASSAM TIMES POST by ASSAM TIMES POST
June 12, 2022
Reading Time: 1 min read
A A
0
ফৰেষ্ট গাম্প আৰু পাৰফেকচনিষ্ট আমিৰ খানৰ লাল সিঙ চদ্ধা

logo new 2 1 | ASSAM TIMES POST

লাল সিঙ চদ্ধা-আমিৰ খান অভিনীত তথা আমিৰ খান প্ৰডাকচন হাউছৰ অনাগত এই বলীউডৰ ছবিখনক লৈ বেছ কিছুকালৰ পৰা চৰ্চা চলিয়েই আছে। আজি এই ছবিখন সম্পৰ্কে একলম অৰ্থাৎ কিছু বিশেষ কথা লিখিবলৈ খুজিছো। চিনেৰসিকসকলে নিশ্চয়কৈ ইতিমধ্যেই মুক্তিপ্ৰাপ্ত লাল সিঙ চদ্ধাৰ ট্ৰেইলৰ চাইছে,বা আগ্ৰহীসকলে এই বিষয়ে গুগল চাৰ্ছো নিশ্চয় কৰিছে।

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

ফৰেষ্ট গাম্প আৰু পাৰফেকচনিষ্ট আমিৰ খানৰ লাল সিঙ চদ্ধালাল সিঙ চদ্ধাৰ বিষয়ে পঢ়িলেই দেখিবলৈ পাব,ইয়াৰ চিত্ৰনাট্যখন এডাপ্ট অৰ্থাৎ অভিযোজন কৰা হৈছে-ফৰেষ্ট গাম্প(Forrest Gump)চিনেমাখনৰ পৰা। ফৰেষ্ট গাম্প হৈছে ১৯৯৪ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান চিনেমা,যিয়ে পৰৱৰ্তী বৰ্ষত অৰ্থাৎ ১৯৯৫ চনত অনুষ্ঠিত একাডেমী বঁ‌টা(অষ্কাৰ)প্ৰতিযোগিতাত সৰ্বমুঠ ৬ টাকৈ অষ্কাৰ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছিলে।

ফৰেষ্ট গাম্পএই চিনেমাখন একে নামৰে লিখক ৱিনষ্টন গ্ৰুমৰ উপন্যাসৰ ভিত্তিত নিৰ্মিত হৈছিলে আৰু ইয়াৰ চিত্ৰনাট্য লিখিছিলে-এৰিক ৰ’থে। পৰিচালনা কৰিছিলে-ৰ’বাৰ্ট জেমেকিছে। মূখ্য অৰ্থাৎ নাম ভূমিকাত অভিনয় কৰিছিলে প্ৰখ্যাত অভিনেতা-টম হেংকছে। ফৰেষ্ট গাম্পে শ্ৰেষ্ঠ ছবি,শ্ৰেষ্ঠ পৰিচালক,শ্ৰেষ্ঠ অভিনেতা(টম হেংকছ),শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য,শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ আৰু শ্ৰেষ্ঠ সম্পাদিত ছবিৰ এই ছটিকৈ অষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে।

এটি প্ৰতিবন্ধী শিশু,কিশোৰ,যুৱকৰ পৰা এজন ব্যক্তিলৈকে ফৰেষ্ট গাম্পৰ কিছু একেবাৰেই সাধাৰণ,পিছে কিছু একেবাৰেই অসাধাৰণ বা অগতানুগতিক জীৱনযাত্ৰাক চেলুলয়ডৰ পৰ্দাত তুলি ধৰা হৈছিল। নাম ভূমিকাত যিদৰে টম হেংকছৰ অনবদ্য তথা নাটকীয়তা বিহীন অভিনয়,ঠিক একেদৰেই একেমুখে ক’ব পৰা এখন অনবদ্য চিনেমা,যাক বাৰে বাৰে চালেও হেঁ‌পাহ নপলায়। এক কথাত ফৰেষ্ট গাম্প চিনেমাখন চাই থাকিলে,কাহিনী,অভিনয় আৰু গতিশীলতাৰ মাজেৰে আপুনি ফৰেষ্ট গাম্পৰ চৰিত্ৰটোৰ সৈতে মানসিকভাৱে একত্ৰ হৈ পৰিব।

ফৰেষ্ট গাম্প আৰু লাল সিঙ চদ্ধাআমিৰ খানক পাৰফেকচনিষ্ট বুলি জনা যায়। অৰ্থাৎ তেওঁ নিজৰ কামবোৰ নিখুঁতকৈ কৰাত বিশ্বাসী বা প্ৰয়াস কৰে। ফৰেষ্ট গাম্পৰ পুনৰ-নিৰ্মাণৰ পদক্ষেপ যিদৰে প্ৰশংসনীয়,ঠিক একেদৰেই মোৰ দৃষ্টিত একপ্ৰকাৰ দুঃসাহসীকো। আমিৰ খানে ২০১৮ চনত ফৰেষ্ট গাম্পৰ পুনৰ-নিৰ্মাণৰ ৰাইট বা অধিকাৰ কাৰ্যকৰী ৰূপত পাবলৈ সক্ষম হ’ল।

এৰিক ৰ’থৰ চিত্ৰনাট্য পুনৰ অভিযোজিত কৰিব লগা হ’ল। এই কাৰ্য কৰিলে অতুল কূলকাৰ্ণীয়ে। মূখ্য চৰিত্ৰত অৱশ্যেই আমিৰ খানেই অভিনয় কৰিছে। পৰিচালনা অদ্ভইট চন্দনৰ। ক’ভিডৰ জটিলতাৰ সৈতে যুঁ‌জি অৱশেষত অহা ১১ আগষ্টত মুক্তিৰ দিন স্থিৰ কৰা হৈছে। লাল সিঙ চদ্ধাৰ ট্ৰেইলৰ চোৱাসকলে যদিহে ফৰেষ্ট গাম্প চাইছে,তেন্তে বহু দিশতেই,ফৰেষ্ট গাম্পৰ সৈতে সাদৃশ্য বিচাৰি পাব।

যিহেতু পুনৰ-নিৰ্মাণ বা ৰিমেকেই হয়-গতিকে ইয়াত কোনো অস্বাভাৱিকতা নাই। পিছে দুই মিনিটৰ ট্ৰেইলৰ চাই, দুঘন্টাৰ সম্পূৰ্ণ চিনেমাৰ উমান লগাব নিশ্চয়কৈ নোৱাৰি। পিছে আমিৰ খানৰ তত্বাৱধানত হোৱা কাম বুলিয়েই ফৰেষ্ট গাম্পৰ এটি সুবাস লাল সিঙ চদ্ধাত পাম বুলি কিছু আশা কৰিব পাৰি।

মাজতে অৰ্থাৎ,কেইমাহমানৰ আগতে আমিৰ খানে লাল সিঙ চদ্ধাৰ এক বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰিছিলে-অভিনেতা টম হেংকছৰ বাবে। যিদৰে অনুবাদ এক কলা-বা পুনৰ সৃষ্টিৰ দৰে-ঠিক একেদৰেই চিনেমা এখনৰ চিত্ৰনাট্যৰ অভিযোজন বা পুনৰ-নিৰ্মাণো এক কলাই,আৰু এই দুয়ো কলাই সহজ মুঠেও নহয়।

গতিকে এতিয়া ১১ আগষ্টলৈকে অপেক্ষা কৰাৰ বাদে গত্যন্তৰ নাই। অৱশ্যেই তেতিয়ালৈকে আগ্ৰহী তথা এতিয়ালৈকে নোচোৱাসকলে ফৰেষ্ট গাম্প চিনেমাখন চাব পাৰে। চিনেমাখন নেটফ্লিক্সত উপলব্ধ।

Tags: ফৰেষ্ট গাম্প আৰু পাৰফেকচনিষ্ট আমিৰ খানৰ লাল সিঙ চদ্ধা
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব
National-International

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
50
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx