
আমাৰ দেশৰ প্ৰতিযোগিতামূলক প্ৰশাসনীয় পৰীক্ষাসমূহৰ অন্যতম হৈছে ইউ পি এছ চি ৰ পৰীক্ষা। এজন পৰীক্ষাৰ্থী এই পৰীক্ষাত সফল হ’লেই এজন আই এ এছ অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰে বা এক কথাত ক’বলৈ গ’লে প্ৰশাসনীয় সেৱা আগবঢ়াব পাৰে।
এনে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে এজন পৰীক্ষাৰ্থীয়ে বছৰৰ পিছত বছৰ জুৰি প্ৰস্তুতি চলাই। যদিহে আপুনি এনে পৰীক্ষা আৰু মূলতঃ এই পদবীৰ প্ৰতি আগ্ৰহী হয়,তেনেহ’লে এই লিখাটিৰ তথ্যসমূহ আপোনাৰ বাবে খুবেই কামত আহিব। এই লিখাটিত এজন আই এ এছ বিষয়াৰ দৰমহাৰ পৰা আৰম্ভ কৰি,তেওঁৰ বাবে উপলব্ধ সকলো সা-সুবিধাৰ বিষয়ে তথ্য সন্নিবিষ্ট কৰা হৈছে।
দেশৰ বিভিন্ন মন্ত্ৰালয়ৰ,ভিন্ন বিভাগত এই আই এ এছ বিষয়াসকলক মকৰল কৰা হয়। প্ৰথম অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আন এক সাক্ষাৎকাৰ দিবলগা হয় এই পৰীক্ষাৰ্থীসকলে,আৰু তাত উত্তীৰ্ণ হোৱাৰ পিছত এজন আই এ এছ বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰা আৰম্ভ কৰিব পাৰে। মূলতঃ ভিন্ন মন্ত্ৰালয়ৰ ভিন্ন বিভাগত চাকৰিত মকৰল কৰা এই বিষয়াসকলৰ পদমৰ্য্যাদা অনুসৰি তেওঁলোকৰ দৰমহাৰ পৰিমাণ ধাৰ্য কৰা হয়।
যেনে “কেবিনেট চেক্ৰেটেৰী”-পদটিক এই বিষয়াসকলৰ পদবীৰ ভিতৰত আটাইতকৈ উচ্চতম পদবী বুলি ধৰা হয় আৰু এই পদবীত নিযুক্ত বিষয়া এজনৰ দৰমহা লক্ষাধিক টকা হয়। তদুপৰি,এই বিষয়াসকল অন্যান্য সা-সুবিধাৰ লগতে ভিন্ন ভাত্তা,ড্ৰাইভাৰ,বাসস্থান আদি পৰ্যন্ত সুবিধা প্ৰদান কৰা হয়।
এজন আই এ এছ বিষয়াৰ দৰমহা,সপ্তম দৰমহা কমিচন আয়োগৰ নীতি অনুসৰি প্ৰদান কৰা হয়। এনেকি,এজন সাধাৰণ বৰ্গৰ আই এ এছ বিষয়াৰো দৰমহা ন্যূনতম ৫৬,১০০টকা হয়। তাৰোপৰি,অন্যান্য সংযুক্ত ভাত্তা আদি থাকেই। ইয়াৰ উপৰিও তেওঁলোকে ভ্ৰমণৰ বাবেও ভাত্তা লাভ কৰে। মুঠতে মাহত অন্ততঃ এক লক্ষাধিক টকা আয় কৰে এনে একোজন বিষয়াই।
আনহাতে মন্ত্ৰী পৰিষদৰ সচিব পদবীত থকা একোজন আই এ এছ বিষয়াই অন্ততঃ মাহিলী দুই লাখ টকা পৰ্যন্ত দৰমহা পাই। তদুপৰি তেওঁলোকে চৰকাৰৰ তৰফৰ পৰা মেডিকেল এলাৱেঞ্চ,হ’ম আৰু কনভেঞ্চ এলাৱেঞ্চ পৰ্যন্ত পাই। গতিকে চাবলৈ গ’লে এনে এজন বিষয়াৰ দৰমহাই প্ৰায় আঢ়ৈৰ পৰা তিনিলাখ টকাৰ ঘৰ স্পৰ্শ কৰে।
সা-সুবিধা:
এজন আই এ এছ বিষয়াৰ ভাত্তাসমূহ তেওঁৰ দৰমহাৰ মানৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ভিতৰত আছে-জুনিয়ৰ,ছিনিয়ৰ আৰু চুপাৰ স্কেল। এই স্কেলৰ ভিত্তিত বিভিন্ন ভাত্তাসমূহ প্ৰদান কৰা হয়। যেনে-বিশেষ ভাত্তা(DA),হাউছ ৰেন্ট এলাৱেঞ্চ(HRA),মেডিকেল এলাৱেঞ্চ(MA) আৰু কনভেন্স এলাৱেন্স(CA)।











