![]()
ভাৰতীয় ক্ৰীড়া জগতৰ সোণৰ কণী পৰা হাঁহ হৈছে আইপিএল। এই প্রতিযোগিতাৰ সম্প্রচাৰ কৰিবলৈ হেতা-ওপৰা লাগে টিভি চেনেলবোৰৰ। আৰু সেইবাবে নিলামত তুমুল দৰদাম চলে ।
এক সূত্র মতে, স্বত্বৰ পেকেজ এ আৰু পেকেজ বি ইতিমধ্যেই বিক্ৰী হৈ গৈছে। এই দুই পেকেজত টিভি আৰু ডিজিটেল স্বত্ব আছে বুলি খবৰ। সূত্রৰ খবৰ অনুযায়ী, ২০২৩-২০২৭ চন পর্যন্ত এই স্বত্ব বিক্ৰী হৈছে ৪৩ হাজাৰ কোটি টকাত ! ইয়াৰ অর্থ হৈছে একোখন আইপিএল মেচৰ মূল্য হৈ পৰিছে ১০০ কোটিৰো অধিক, যিটো ভাৰতীয় ক্রীড়া বিশ্বত অভূতপূর্ব।

২০১৭-২০২২ পর্যন্ত মিডিয়া স্বত্ব ক্ৰয়ৰ সময়ত তীব্র প্ৰতিদ্বন্দিতা হৈছিল ষ্টাৰ ইণ্ডিয়া আৰু ছনি পিকচাৰ্চৰ মাজত। অৱশেষত ১৬,৩৪৭.৫০ কোটি টকাত স্বত্বাধিকাৰী হয় ষ্টাৰ। এই ছবছৰত একোখন আইপিএল মেচৰ মূল্য আছিল প্রায় ৫৫ কোটি টকা। এইবাৰ সেয়া ১০০ কোটি অতিক্ৰম কৰিব বুলি খবৰ।












