![]()
নেচনেল হেৰাল্ড গোচৰত আজি ই ডিৰ কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইতিমধ্যে এই প্ৰসংগত দেশজুৰি কংগ্ৰেছ কর্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিক্ষোভ সমদল উলিয়াইছে। অসমতো আজি এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মুখ বন্ধ কৰিবলৈ বিজেপি চৰকাৰে আৰম্ভ কৰা নিকৃষ্ট ৰাজনীতিৰ প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত গুৱাহাটীত বিশাল সমদল উলিওৱা হয়।
ইফালে ৰাজ্য প্ৰশাসনে আৰক্ষীৰ দ্বাৰা শান্তিপূৰ্ণ প্ৰতিবাদী সমদলকাৰীসকলক আটক কৰি নিয়াৰ অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছে।










