
অমৰনাথ যাত্রাত আক্ৰমণৰ পৰিকল্পনা ব্যৰ্থ কৰিলে কাশ্মীৰ আৰক্ষীয়ে। লস্কৰ সন্ত্ৰাসবাদীৰ সৈতে সোমবাৰে মাজনিশা শ্রীনগৰৰ বেমিনা অঞ্চলত আৰক্ষীৰ সৈতে সংঘৰ্ষ হয়। দীর্ঘ সংঘৰ্ষৰ অন্তত দুই লস্কৰ সন্ত্ৰাসবাদীক গুলীয়াই নিহত কৰা বুলি আৰক্ষী সূত্রৰ খবৰ।
এজন স্থানীয় লোকৰ লগতে এজন আৰক্ষীও সংঘর্ষত আহত হয়। আৰক্ষীৰ গুলীত নিহত হয় এজন পাক সন্ত্ৰাসবাদীও। কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, নিহত দুই সন্ত্ৰাসবাদী লস্কৰ–ই–তৈবাৰ সদস্য। অহা ৩০ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্রা। তাতেই আক্ৰমণৰ পৰিকল্পনা ৰচিছিল সন্ত্রাসবাদী সংগঠনটিযে।
জানিব পৰা মতে, নিহত তিনি সন্ত্ৰাসবাদী পাকিস্তানেৰে উপত্যকাটোত সোমাইছিল। নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰা দুটা একে–৪৭ ৰাইফল, ১০টা মেগজিন, লাইভ ৰাউণ্ড, ৱাই–এছএমএছ ডিভাইচসহ বহু সামগ্ৰী উদ্ধাৰ কৰা হৈছে।










