
ইণ্ডোনেছিয়া অপেনৰ আৰম্ভণিতেই বৃহৎ পৰাজয় ভাৰতীয় শ্বাটলাৰৰ। প্রথম ৰাউণ্ডৰ পৰাই বিদায় ল’লে পিভি সিন্ধু আৰু সাই প্রণীতে। চীনৰ হি বিং জিয়াৱেৰ হাতত পোনপটীয়া গেমত পৰাস্ত হয় ভাৰতৰ মহিলা বেডমিণ্টনৰ তাৰকাগৰাকী। মেচৰ ফলাফল ১৪-২১, ১৮-২১। চীনৰ প্রতিপক্ষৰ বিৰুদ্ধে ইয়াৰ আগতে দহবাৰ জয়ী হৈছে সিন্ধু। কিন্তু এইবাৰ প্রতিৰোধ গঢ়াত বিফল হয় তেওঁ।
মঙ্গলবাৰে মেচৰ আৰম্ভণিৰ পৰাই আক্ৰমণ কৰে জিয়াৱেই। এটা সময়ত ১১-৪ ব্যৱধানত আগবাঢ়ি গৈছিল। কিন্তু বিৰতিৰ পিছত পুনৰ উভতি অহাৰ চেষ্টা কৰে সিন্ধুৱে। আক্রমণাত্মক ৰূপ লৈও গেমত জয়লাভ কৰিব নোৱাৰে। ১৪-২১ত পৰাস্ত হয়। তাৰ পৰৱৰ্তী গেমতো পৰাস্ত হয় সিন্ধু ।
চৈয়দ মোদী আন্তর্জাতিক আৰু চুইছ অপেন বিজয়ৰ পিছত সপ্তম বাছনি হিচাবে এই টুর্নামেন্টত অৱতীৰ্ণ হৈছিল হায়দৰাবাদী শ্বাটলাৰগৰাকী। কিন্তু দিনটো ভাৰতৰ নাছিল।আনহাতে, পুৰুষৰ মেচখনত ডেনমার্কৰ হেন্স ক্রিশ্চিয়ান চোলবার্গ ভিত্তিনঘুছৰ হাতত পৰাস্ত হয় সাই প্রণীতো। সিন্ধুৰ দৰে তেৱোঁ ১৬-২১, ১৯-২১ পোনপটীয়া গেমত পৰাস্ত হয়।












