
দিনে দিনে সৰু ল’ৰাটোৰ মাত-বোল কমি গৈছিল। হাঁহি-ফূৰ্তি কৰি দৌৰি ফুৰা ল’ৰাটোৰ হঠাৎ এনে কি হ’ল, তাৰে চিন্তাই আগুৰি ধৰিছিল পিতৃ-মাতৃক। সেয়ে পলম নকৰি ল’ৰাটোক চিকিৎসকৰ ওচৰলৈ লৈ যায়। পৰীক্ষাৰ পিছত চিকিৎসকে জনায়, ল’ৰাটোৰ শৰীৰৰ ভিতৰত কিছু অঙ্গ ফুলি আছে। সেয়া দেখে চিকিৎসকো আচৰিত হৈ যায়। পিতৃ-মাতৃক তেওঁ জনায়, এনে ধৰণৰ আঘাত সাধাৰণতে শাৰীৰিক অত্যাচাৰৰ কাৰণেই দেখা যায়।
কিন্তু কোনে ল’ৰাটোক মাৰধৰ কৰে অনুমান কৰিব পৰা নাছিল। সেয়ে তেওঁলোকে ঘৰত চিচি টিভি কেমেৰা লগোৱাৰ পৰিকল্পনা কৰে। স্বামী-স্ত্রী দুয়োজনেই চাকৰি কৰে। দুবছৰীয়া পুত্ৰক চোৱা-চিতাৰ বাবে এগৰাকী মহিলাক ৰাখিছিল। তেওঁলোকৰ মনত প্রশ্ন জাগে, তেওঁলোকৰ অনুপস্থিতিত পৰিচাৰিকাগৰাকীয়েই মাৰধৰ কৰে নেকি?
অৱশেষত সেই সন্দেহেই সত্য প্ৰমাণিত হয়। চিচি টিভি ফুটেজত দেখা যায় পৰিচাৰিকাই শিশুটিৰ ওপৰত অত্যাচাৰ কৰিছে। কেৱল মাৰধৰেই নহয়, চুলিত ধৰি আচাৰি থকাও দেখা যায়। তেওঁৰ এই কাণ্ডত হতবাক হৈ পৰে শিশুটিৰ পিতৃ-মাতৃ। চিচি টিভি ফুটেজসহ পৰিচাৰিকাগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিলৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।এই ভয়ানক ঘটনাটি ঘটিছে মধ্যপ্রদেশৰ জব্বপুৰত।











