
পাঞ্জাবি গায়ক তথা কংগ্রেছ নেতা সিদ্ধু মুছেৱালা হত্যাৰ গোচৰৰ অন্যতম চক্ৰান্তকাৰী লৰেন্স বিষ্ণইক বুধবাৰে পুৱতি নিশা কটকটীয়া নিৰাপত্তাৰে দিল্লীৰ পৰা পঞ্জাবলৈ নিয়া হয়। পুৱা মানছাৰ জিলা আদালতত হাজিৰ কৰোৱাৰ পিছত তেওঁক সাত দিনৰ আৰক্ষীৰ জিম্মালৈ পঠোৱাৰ নির্দেশ দিয়ে। ইয়াৰ পিছতেই খাৰাৰত ‘ক্রাইম ইনভেষ্টিগেচন এজেন্সি’ৰ কাৰ্য্যালয়ত লৰেন্সক মাৰাথন জেৰা আৰম্ভ হোৱা বুলি পঞ্জাব আৰক্ষী সূত্রৰ খবৰ।
পঞ্জাব আৰক্ষীৰ আবেদন মানিয়েই মঙ্গলবাৰে দিল্লীৰ এখন আদালতে তিহাৰ জে’লত বন্দী লৰেন্সক ট্রানজিট ৰিমান্ডত লৈ গৈ মানছা আদালতত উপস্থিত কৰোৱাৰ অনুমতি দিয়ে। কুখ্যাত দুষ্কৃতিকাৰী লৰেন্সক পঞ্জাবলৈ নিয়াৰ বাবে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। সশস্ত্র আৰক্ষীৰ ৫০ জন কমান্ডোৰ লগতে ব্যৱস্থা কৰা হয় বিশেষ বুলেটপ্রুফ গাড়ীৰ।











