![]()
সীমান্ত পুনর্বিন্যাসৰ কাম প্রায় শেষৰ ফালে। এই কাম সম্পূৰ্ণ সম্পন্ন হ’লে চলিত বছৰৰ শেষৰ ফালে জম্মু-কাশ্মীৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত কৰা হ’ব। শুক্রবাৰে এই ইঙ্গিত দিলে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে।
মহাৰাজা গুলাব সিঙৰ ৰাজ্যাভিষেকৰ ২০০তম বর্ষপূর্তি উপলক্ষে এক অনুষ্ঠানে বক্তৃতা ৰাখিছিল প্রতিৰক্ষামন্ত্রীয়ে। তাতেই তেওঁ কয়, ‘‘আগতে জম্মুত ৩৭ আৰু কাশ্মীৰত ৪৬খন বিধানসভা আসন আছিল। কিন্তু সীমা পুনর্বিন্যাসৰ ফলত জম্মুত ৪২ আৰু কাশ্মীৰত ৪৮খন আসন হৈছে।
ইয়াৰ ফলত জম্মু-কাশ্মীৰত মুঠ ৯০টা বিধানসভা সমষ্টি হৈছে। মই ভাবো, পুনর্বিন্যাসৰ কাম সম্পূৰ্ণভাবে শেষ হ’লে বছৰৰ শেষৰ ফালে বিধানসভা নির্বাচনৰ প্রক্রিয়া আৰম্ভ হ’ব পাৰে। তাৰ পূৰ্ণ সম্ভাৱনা আছে।’’











