![]()
দেশজুৰি বিক্ষোভৰ মাজতে আৰু শিথিল হ’ল ‘অগ্নিপথ’। অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ। কেন্দ্রীয় বাহিনী আৰু অসম ৰাইফলছত ১০ শতাংশ সংৰক্ষণ দিয়াৰ কথা ঘোষণা কৰিছে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে। বৃদ্ধি কৰা হৈছে নিয়োগৰ ঊর্ধ্বসীমাও।
শনিবাৰে কেন্দ্রেৰ ঘোষণা, প্রথম বেটচৰ অগ্নিবীৰসকলৰ বয়সৰ ঊর্ধ্বসীমা আৰু ৫ বছৰ বৃদ্ধি কৰা হৈছে। প্রথমতে ২১ বছৰ, পিছত আন্দোলনৰ পৰিপ্রেক্ষিতত ২৩, এইবাৰ আৰু বৃদ্ধি নিয়োগৰ ঊর্ধ্বসীমা। অৱশ্যে এইটো কেৱল প্রথম বেটচৰ অগ্নিবীৰসকলৰ বাবেহে।
তাৰ উপৰি, অগ্নিবীৰসকলে অৱসৰৰ পিছত কেন্দ্রীয় সশস্ত্র বাহিনী আৰু অসম ৰাইফলছত ১০ শতাংশ সংৰক্ষণ পাব। ইয়াৰ ফলত চাৰি দিন ধৰি চলা বিক্ষোভৰ প্রশমন হ’ব বুলি আশা কৰা হৈছে।











