![]()
মাতৃৰ শততম জন্মদিনত ব্লগ লিখিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। শনিবাৰে তেওঁ লিখে, ‘মা কেৱল এটি শব্দ নহয়। এক বিপুল আবেগৰ সূচক। ভালপোৱা, ধৈর্য, বিশ্বাস আৰু বহু কিবাকিবি। বিশ্বজুৰি, দেশ, কাল, ভূগোলৰ সীমা পাৰ হৈ প্রতিজন শিশুৰে তেওঁৰ মাতৃৰ প্রতি এক বিশেষ স্থান থাকে।
মাতৃয়ে কেৱল তেওঁৰ শিশুক জন্ম দিয়াই নহয়, তেওঁক ডাঙৰ-দীঘল কৰে। নিজৰ ভৰিত থিয় দিবলৈ শিকায়। মনত আত্মবিশ্বাস জগায়। আৰু তাৰ বাবে মাতৃসকলে বহু আত্মত্যাগ কৰিবলগা হয়।’
শনিবাৰে ১০০ বছৰত ভৰি পা দিছে মোদীৰ মাতৃ হীৰাবেনে। মাতৃৰ জন্মদিন উপলক্ষে গুজৰাটলৈ গৈছে প্রধানমন্ত্রী। পুৱা গান্ধীনগৰত ভাতৃৰ ঘৰলৈ গৈ মাতৃক সাক্ষাৎ কৰে।
শনিবাৰেই পঞ্চমহল জিলাৰ প্রসিদ্ধ পাৱাগড় কালী মন্দিৰত বিশেষ পূজাত অংশগ্ৰহণ কৰিব তেওঁ। পাহাৰৰ ওপৰত অৱস্থিত মন্দিৰটোত উপস্থিত হ’বলৈ ২৫০টা খটখটি বগাব লাগে। মোদীয়ে উক্ত খটখটিকেইটা খোজকাঢ়ি বগাব।











