ASSAM TIMES POST, অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপিকা তথা বোকাখাতৰ স্বনামধন্য লেখিকা-কবি অন্নদা শইকীয়ালৈ অলপতে সাহিত্য কাণ্ডাৰী পদ্মনাথ গােহাঞি বৰুৱাৰ স্মৃতিত ‘জীৱন সমৃদ্ধ’ বঁটা আগবঢ়োৱা হৈছে। ‘মহাশয় প্রকাশন পৰিষদ, অসম’ৰ দ্বাৰা প্রকাশিত অৱসৰপ্রাপ্ত শিক্ষক-শিক্ষয়িত্ৰীৰ ‘মহাশয়’ জীৱনীমূলক গ্ৰন্থৰ বাবে আগবঢ়োৱা জীৱন পৰিক্ৰমা দক্ষতাৰ ভিত্তিত লেখক গৰাকীলৈ ২০১৮-১৯ বৰ্ষৰ বাবে সাহিত্য কাণ্ডাৰী পদ্মনাথ গােহাঞি বৰুৱাৰ স্মৃতিত ‘জীৱন সমৃদ্ধ’ বঁটা আগবঢ়োৱা হৈছে। বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, আধুনিক বোকাখাতৰ অন্যতম নিৰ্মাতা জনসুহৃদ প্ৰয়াত চিদানন্দ শইকীয়াৰ পত্নী অন্নদা শইকীয়া বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি তথা বোকাখাতৰ বহু শৈক্ষিক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত আজীৱন জড়িত হৈ সেৱা আগবঢ়াই আহিছে। ডিব্ৰুগড়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ এক সভাত অন্নদা শইকীয়াক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয়। বহু প্ৰতিভাধৰ অশীতিপৰ লেখক-কবি গৰাকীয়ে লাভ কৰা এই সন্মানে বোকাখাতবাসীলৈ সন্মান কঢ়িয়াই অনাৰ বাবে বোকাখাতবাসী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।













