![]()
ভবিষ্যতে দেশত যুদ্ধ পৰিস্থিতি সৃষ্টি হ’লে প্রযুক্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই আগবাঢ়িব লাগিব। এই মন্তব্য ভাৰতীয় সেনা বিষয়ক কাৰ্যালয়ৰ অতিৰিক্ত সচিব লেফটেনেন্ট জেনেৰেল অনিল পুৰীৰ। অগ্নিপথত কিয় যুৱকসকলৰ নিয়োগতেই গুৰুত্ব দিয়া হৈছে, তাৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয়, ‘‘প্রযুক্তিৰ ক্ষেত্ৰত যুৱ প্রজন্ম বহুখিনি আগবঢ়া। সেই কথা বিবেচনা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে।’’
উল্লেখ্য, ভাৰতীয় সেনাবাহিনীত নিয়োগৰ ক্ষেত্রত সম্প্রতি অগ্নিপথ প্রকল্পৰ ঘোষণা কৰিছে কেন্দ্রই। উক্ত প্রকল্পত চাৰে ১৭ বছৰৰ পৰা ২৩ বছৰ বয়সৰ যুৱকসকলক চাৰি বছৰৰ চুক্তিৰ ভিত্তিত নিয়োগ কৰা হ’ব সেনাবাহিনীত।
কেন্দ্রৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি দেশজুৰি বিক্ষোভৰ মাজতেই দেওবাৰে এই সিদ্ধান্তৰ কাৰণ জনাই সংবাদ মেল সম্বোধন কৰে ভাৰতীয় সেনাৰ তিনি বাহিনী— পদাতিক, বায়ুসেনা আৰু নৌসেনাৰ শীর্ষ বিষয়া তিনিজনে। লেফটেনেন্ট জেনেৰেল অনিলৰ সৈতে উপস্থিত আছিল ভাইচ এডমিৰেল দীনেশ ত্রিপাঠী, এয়াৰ মার্শাল এছকে ঝা।











