
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা হ’ব বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। দিল্লীত অনুষ্ঠিত হোৱা বিৰোধী দল সমূহৰ বৈঠকৰ অন্তত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই কথাৰ স্পষ্টীকৰণ দিয়ে। অহা ২৭ জুনত মনোনয়ন পত্ৰ দাখিল কৰিব তেওঁ।
তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰাৰ পিছত যশোৱন্তক লৈ প্ৰত্যেকে সৰ্বসন্মতিত উপনীত হয়।
উল্লেখ্য যে, বিৰোধীৰ হাতত পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে বিৰোধীৰ হাতত সৰ্বমুঠ ৫১ শতাংশ ভোট আছে। আনহাতে, শাসনাধিষ্ঠ এন ডি এৰ হাতত আছে ৪৯ শতাংশ ভোট। যদিহে বিৰোধীৰ ভোট বিভাজন নহয় তেতিয়াহ’লে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
ৰাজনীতিলৈ অহাৰ পূৰ্বে আই এ এছ বিষয়া হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰা যশোৱন্ত সিনহাই অধ্যাপক হিচাবেও দায়িত্ব পালন কৰিছিল। ২০২১ চনৰ ১৩ মাৰ্চত যশৱন্ত সিনহাই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যোগদান কৰে আৰু সক্ৰিয় ৰাজনীতিলৈ পুনৰ উভতি আহে। টিএমচিত যোগদান কৰাৰ পিছত, দলটোৱে তেওঁক ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাবে সন্মানজনক স্থান দিয়ে।











