
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ডিঙিত গামোচা লৈ কৰ্ণাটকৰ মৈচুৰ পেলেচ গাৰ্ডেনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ হাজাৰ লোকৰ সৈতে যোগাসন কৰে। এই অনুষ্ঠানত তেওঁক সংগ প্ৰদান কৰে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাচবৰাজ বোম্মাই।
যোগাভ্যাসৰ গুৰুত্বৰ বিষয়ে আৰু সুস্থ শৰীৰৰ বাবে যোগাসনৰ মহত্বৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “আজি বিশ্বৰ প্ৰতিটো কোণৰ পৰা যোগৰ প্ৰতিধ্বনি শুনা গৈছে। ই হৈ পৰিছে জীৱনৰ আধাৰ।
সাম্প্ৰতিক পৰিৱেশত আমি যিমানেই মানসিক চাপত নাথাকো, কেইমিনিটমান যােগাসনে আমাক এই চাপৰ পৰা সকাহ দিয়ে, আমাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। সেয়ে আমি যোগাসনক অতিৰিক্ত কাম হিচাপে ল’ব নালাগে।”
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সােণােৱালেও এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে।উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ ৭৫ গৰাকী মন্ত্ৰীয়ে দেশৰ ৭৫ স্থানত অনুষ্ঠিত আন্তৰ্জাতিক যােগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।











