![]()
মহাৰাষ্ট্রত পুনৰ অস্ত্ৰ নিক্ষেপ বিজেপিৰ। এনচিপি নেতা অজিত পাৱাৰৰ পিছত এইবাৰ লক্ষ্য শিবসেনাৰ মন্ত্রী একনাথ চিন্ডে। বিদ্রোহী নেতাগৰাকীক মঙ্গলবাৰে বিধানসভাৰ দলীয় নেতাৰ পদৰ পৰা আতঁৰাইছে শিবসেনা প্রধান তথা মুখ্যমন্ত্রী উদ্ধব থাকৰেই। চিন্ডেৰ স্থানত নতুন দলনেতা হৈছে অজয় চৌধুৰী।
বিধান পৰিষদ নির্বাচনত শাসক জোট ‘মহা বিকাশ অঘাড়ি’ (শিবসেনাৰ লগতে এনচিপি আৰু কংগ্রেছ তাত আছে)-ৰ অপ্রত্যাশিত আঘাতৰ পিছত শিবসেনাৰ দহজন বিধায়কসহ চিন্ডে নিৰুদ্দেশ। বিজেপিৰ সমর্থনত তেওঁ মুখ্যমন্ত্রী উদ্ধব থাকৰেৰ গাদীৰ ফালে হাত আগবঢ়াব পাৰে বুলি ৰাজনৈতিক মহলৰ খবৰ। কংগ্রেছৰ পাঁচ বিধায়কৰো সন্ধান নাই বুলি মঙ্গলবাৰে দুপৰীয়া জানিব পৰা গৈছে।











