দ্ৰৌপদী মুৰ্মু বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু । ১৮ জুলাইত হ’বলগীয়া নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী (BJP)য়ে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।
মঙলবাৰে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছতে দলটোৱে মুৰ্মুৰ নাম ঘোষণা কৰে। সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ সভাপতি জে পি নাড্ডা আদি উপস্থিত থাকে।












