ASSAM TIMES POST,নিউজ ডেস্কঃ একেৰাহে ১১ খন যুঁজত জয়ী হৈছে ভাৰতীয় বক্সাৰ বীজেন্দ্ৰ সিং৷ আমেৰিকান বক্সাৰ মাইক ছিনদাৰক শনিবাৰে নিশা অনুষ্ঠিত এখন যুঁজত ভাৰতীয় বক্সাৰজনে পৰাস্ত কৰে৷ এই যুঁজখন অনুষ্ঠিত হৈছিল আমেৰিকাৰ পেছাদাৰী চাৰ্কিট নীৱাৰ্কত৷ ৩৩ বছৰীয়া হাৰিয়ানাৰ বক্সাৰজনে এই যুঁজ চতুৰ্থ ৰাউণ্ডত জয়ী হয়৷ চতুৰ্থ ৰাউণ্ডৰ দ্বিতীয় মিনিটত বীজেন্দ্ৰৰ হাতত ধৰাশায়ী হয় আমেৰিকাৰ বক্সাৰজন৷ তাৰ লগে লগে ৰেফাৰীয়ে বীজেন্দ্ৰৰ হাত উপৰলৈ তুলি দিয়ে৷ যুঁজখনত জয়ী হোৱাৰ বাবে বীজেন্দ্ৰই সমৰ্থকসকলক ধন্যবাদ জনায়৷













