
বুধবাৰে নিশা গুজৰাটৰ আনন্দ–বাকৰোল ৰোডত নিয়ন্ত্রণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি ওলটি যায় আমূলৰ মেনেজিং ডিৰেক্টৰ আৰ এছ সোধিৰ গাড়ী। ফলত আহত অৱস্থাত তেওঁক হস্পিটেলত ভর্তি কৰোৱা হয় ।
আনন্দৰ উপ আৰক্ষী অধীক্ষক বিডি জাডেজাই জনোৱা মতে, বুধবাৰে ৰনিশা ৯ বজাত আনন্দ–বাকৰোল ৰাস্তাৰে যোৱাৰ সময়ত ‘আমূল’ প্রধানৰ গাড়ীয়ে নিয়ন্ত্রণ হেৰুৱাই ডিভাইডাৰত উঠি গৈ ওলটি যায়। গাড়ীচালক আৰু তেওঁ দুয়োজনেই আহত হয় ।
তেওঁলোকক উদ্ধাৰ কৰি হস্পিটেলত ভর্তি কৰোৱা হয়। দুয়োজনেই সামান্য আঘাত পায়। ভয়ৰ কোনো কাৰণ নাই বুলি হস্পিটেল সূত্রে জানিব পৰা গৈছে। উল্লেখ্য, ২০১০ বছৰৰ পৰাই তেওঁ এই কোম্পানীটোৰ মেনেজিং ডিৰেক্টৰ পদত অধিষ্ঠিত হৈ আছে











