
উত্তৰ প্ৰদেশৰ পিলিভী জিলাৰ গজৰউলা আৰক্ষী থানাৰ এলেকাত গংগাস্নান কৰি ঘৰলৈ উভতাৰ পথত ১০ জন যাত্ৰী দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ৬ লোক আহত হৈছে। জানিব পৰা মতে, আহত সকলৰ অৱস্থা সংকটজনক।
হৰিদ্বাৰৰ পৰা গংগা স্নান কৰি বুধবাৰে নিশা উভতি অহা ভক্তৰ বাহনখনে নিশা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত গছত খুন্দা মাৰি বাগৰি পৰে। বাহনখনৰ চালকে টোপনি যোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
দুৰ্ঘটনাত নিহত সকলক গোলাৰ নিৱাসী লক্ষ্মী (২৮), ৰচনা ক(২৮), সৰলা দেৱী (৬০), হৰ্ষ (১৬), খুশী (২), শশাংক (১৪), আনন্দ (৩), লালমান (৬৫), শ্যামসুন্দৰ (৫৫) আৰু বাহনখনৰ চালক দিলছাদ (৩৫) বুলি চিনাক্ত কৰা হৈছে। আনহাতে বৰ্তমান গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা সকল হৈছে ক্ৰমে শীলমা শুক্লা (৩৫), সঞ্জীৱ শুক্লা (৩৫), প্ৰশান্ত (১৭), কৃষ্ণপাল শুক্লা (৩৩), পুনম দেৱী (৪২), যশ ত্ৰিবেদী (১৬) আৰু প্ৰবীন (১৭) বুলি চিনাক্ত কৰা হৈছে।











