![]()
গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ গোচৰত আগতেই ক্লিনচিট পাইছিল প্রধানমন্ত্রী মোদীয়ে। গুজৰাটৰ তৎকালীন মুখ্যমন্ত্রীক দিয়া হৈছিল ক্লিনচিট। সেই ক্লিনচিটেই জাৰি ৰাখিলে ছুপ্রিম কোর্টে। ইয়াৰ বিৰুদ্ধে কংগ্রেছ সাংসদৰ পত্নীৰ গোচৰ খাৰিজ কৰা হ’ল।
দেশৰ শীৰ্ষ আদালতে জনায় যে, এই আবেদনৰ কোনো ভিত্তি নাই। ছুপ্রিম কোর্টত এই ক্লিনচিটৰ বিৰুদ্ধে আবেদন জনাইছিল জাকিয়া জাফৰিয়ে। কংগ্রেছ সাংসদ এহচান জাফৰিৰ পত্নী তেওঁ। ২০০২ চনত আহমেদাবাদৰ গুলবার্গ ছচাইটিত যি ৬৮ জনৰ হত্যা হৈছিল, তাত জড়িত আছিল এহচান।
জাকিয়াৰ এই আবেদনৰ কাৰণে শুক্রবাৰে কঠোৰ সুৰত ছুপ্রিম কোর্টে কয়, ‘পৰিস্থিতি উত্তপ্ত ৰাখিবৰ বাবে এই আবেদন কৰা হৈছে। ভবিষ্যৎ স্বার্থসিদ্ধিৰ কাৰণে।’ লগতে কোৱা হয় যে জাকিয়াৰ আবেদনত বিশেষ তদন্তকাৰী দলৰ তদন্তক হেয় কৰা হৈছে।











