![]()
চলিত বৰ্ষত দুটাকৈ সংহাৰী বানে ৰাজ্যখনৰ কেইবাখনো জিলাত ব্যাপক ক্ষতি সাধন কৰে । বানৰ কৱলত পৰি জনসাধাৰণৰ অৱস্থা শোচনীয় হৈ পৰে । কৃষি, যাতায়ত,বানিজ্য আদি সকলো ক্ষেত্রতে বিস্তৰ ক্ষতিসাধন হয় ।
সেয়ে বিভিন্ন ব্যক্তি আৰু দল-সংগঠন আদিয়ে বন্যাৰ্তক বান সাহায্য প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক বৰঙনি আগবঢ়াই আহিছে । নগাঁৱৰ খাগৰিজান নিবনুৱা শ্ৰমিক আৰু ঠিকা সমবায় সমিতি লিমিটেডে আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পূুঁজিলৈ পোন্ধৰ হেজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।
খাগৰিজান নিবনুৱা শ্ৰমিক আৰু ঠিকা সমবায় সমিতি লিমিটেডৰ সভাপতি সত্যেন শইকীয়া আৰু সম্পাদক মনোজ নাথৰ লগতে সমিতিৰ সদস্যসকলে বিধায়ক শৰ্মাক আজি সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা পোন্ধৰ হেজাৰ টকাৰ চেক বিধায়ক গৰাকীৰ হাতত অৰ্পন কৰে । ইপিনে শেনচোৱা অঞ্চলৰ এশটা বানাক্ৰান্ত পৰিয়ালক আজি খাগৰিজান নিবনুৱা শ্ৰমিক আৰু ঠিকা সমবায় সমিতি লিমিটেডৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।













