ASSAM TIMES POST,গোলাঘাটঃ গোলাঘাট আৰক্ষীয়ে নুমলীগড়ত বহু পৰিমাণৰ সোণৰ বিস্কুটসহ এজন মণিপুৰী ব্যক্তিৰ আটক কৰে। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে এখন যাত্ৰীবাহী বাছত গৈ থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি প্ৰায় ৬০ লাখ টকাৰ সোণৰ বিস্কুট জব্দ কৰে। মহম্মদ ৰহমান নামৰ এই মণিপুৰী ব্যক্তিজনে ম্যানমাৰৰ পৰা চোৰাংকৈ সৰবৰাহ কৰি লৈ যাওতে জালত পৰে গোলাঘাট আৰক্ষীৰ। জানিব পৰা মতে চে আৰ পপ এফৰ প্ৰাক্তন জোৱান আছিল আটকাধীন মহম্মদ ৰহমান।













