ASSAM TIMES POST, গোলাঘাটঃ উত্তৰ পূৰ্বাঞ্চলত কেইবাদিনো ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ধনশিৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈৰ কাষৰীয়া ৰাইজ সম্প্ৰতি বানৰ কৱলত৷ নাগালেণ্ডত সপ্তাহ জুৰি বৰষুণ দি থকাৰ ফলত কাকডোঙা নৈৰ বুকু ওফন্দি পৰাৰ পাছত শেহতীয়াকৈ ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। যাৰ ফলত হাজাৰ হাজাৰ লোক বানত ককবকাই আছে। ঘৰ বাৰী, খেতি পথাৰ আদি বিস্তৰ ক্ষতি হয়। এনেসময়ত মহানুভৱতা প্ৰকাশ কৰি বানাক্ৰান্তৰ কাষত ঠিয় হৈ হাতে হাতে খাদ্য সামগ্ৰী বিতৰণ কৰিছে খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। বিধায়কগৰাকীয়ে বিগত বৰ্ষৰ দৰে এইবৰ্ষটো ভ্ৰাম্যমাণ পাকঘৰৰ জৰিয়তে বানাক্ৰান্তক আহাৰ যোগান ধৰাৰ এক প্ৰচেষ্টা গ্ৰহণ কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে বিধায়কগৰাকীয়ে৷ বানত ককবকাই থকা বন্যাৰ্তৰ কাষত খাদ্য সম্ভাৰ লৈ আজি ব্ৰহ্মপুত্ৰৰ কাষৰীয়া ৰাইজক অহাৰ যোগান ধৰিবলৈ উপস্থিত হয়গৈ বিধায়কগৰাকী। দেৰগাঁৱত প্ৰস্তুত কৰা ভাত, দাইল, কণী আদি লৈ ভ্ৰাম্যমাণ পাকঘৰৰ জৰিয়তে বন্যাৰ্তৰ কাষত অহাৰ যোগান ধৰে৷ এইবাৰ বিধায়কগৰাকীয়ে ভ্ৰাম্যমাণ পাকঘৰৰ বাবে ব্যৱহাৰ কৰা বাহনখনত ব্যৱস্থা কৰা হৈছে বিভিন্ন সুবিধা৷ প্ৰয়োজনত এম্বুলেঞ্চ, প্ৰয়োজনত উদ্ধাৰ অভিযানতো ব্যৱহাৰ কৰা হ’ব ভ্ৰাম্যমান পাকঘৰৰ বাহনখন৷ স্থায়ীভাৱে এইবাৰ নিৰ্মাণ কৰা কৰা এই বাহন খনিৰ জৰিয়তে অপদকালীন সময়ত সদা প্ৰস্তুত থাকিব বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে। কোনো লোকে যদি বানাক্ৰান্ত লোকক সহায় কৰাৰ ইচ্ছা কৰে তেন্তে ভ্ৰাম্যমান পাকঘৰৰ জৰিয়তে বানাক্ৰান্ত লোকক আহাৰ যোগান ধৰিব পাৰিব বুলিও প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে৷













