![]()
জীৱনৰ অন্তিম উইম্বলডনৰ স্মৃতি সুখকৰ নহ’ল ছানিয়া মির্জাৰ। মহিলাৰ ডবলছৰ প্রথম ৰাউণ্ডৰ পৰাই বিদায় লবলগীয়া হ’ল ভাৰতৰ টেনিছ সুন্দৰীগৰাকীয়ে। বৃহস্পতিবাৰে মাগডালেনা ফ্রেক আৰু বিয়াটৰোজ হাদাদ মাইয়াৰ বিৰুদ্ধে ৬-৪, ৪-৬, ২-৬ ছেটত পৰাজিত হয় ছানিয়া মির্জা-লুচি ৰাদেকাৰ যুটি।

অৱশ্যে মিক্সড ডবলছত এতিয়াও আশা আছে। শুকুৰবাৰে মিক্সড ডবলছৰ অপেনিং ৰাউণ্ডত ক্রোৱেচিয়াৰ মেট পেভিচৰ লগত যুটি বান্ধি নাটেলা জালামিডজে আৰু ডেভিড ভেগা হার্নান্দেজৰ যুটিৰ বিৰুদ্ধে নামিব ছানিয়াই।
২০১৫ চনত অল ইংলেণ্ড ক্লাবৰ কোর্টত মার্টিনা হিঙ্গিছৰ লগত যুটি বান্ধি উইম্বলডনত জয়ী হৈছিল ৩৫ বছৰৰ ভাৰতীয় টেনিছ তাৰকা। সেয়া আছিল ছানিয়াৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন। বিগত বছৰত মিক্সড ডবলছত তৃতীয় ৰাউণ্ডৰ পৰা আগবাঢ়িব নোৱাৰে।
শুকুৰবাৰে ঘাঁহৰ কোর্টত জীৱনৰ অন্তিমখন মেচত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দিবলৈ চেষ্টা কৰিব তেওঁ। উল্লেখ্য, বছৰৰ শেষ গ্রেণ্ডস্লাম আমেৰিকান অপেনত বর্ণময় কেৰিয়াৰৰ ইতি পেলাব ছানিয়াই।












